অসম

assam

ETV Bharat / state

ৰাইজ মৰম আৰু আবেগ বিজেপিয়ে সলনি কৰিব নোৱাৰে- গৌৰৱ গগৈ - GAURAV GOGOI ELECTION CAMPAIGN

Lok Sabha Elections : যোৰহাট জিলাৰ মৰিয়নীত ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাই মাৰাথান প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে ৷ তিতাবৰবাসীৰ কংগ্ৰেছৰ প্ৰতি থকা মৰম আৰু আবেগ বিজেপিয়ে সলনি কৰিব নোৱাৰে বুলি মন্তব্য গগৈৰ ৷

Lok Sabha Elections
ৰাইজ মৰম আৰু আবেগ বিজেপিয়ে সলনি কৰিব নোৱাৰে- গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 5:52 PM IST

ৰাইজ মৰম আৰু আবেগ বিজেপিয়ে সলনি কৰিব নোৱাৰে- গৌৰৱ গগৈ

যোৰহাট, 24 ডেস্ক :"তিতাবৰবাসীৰ কংগ্ৰেছৰ প্ৰতি থকামৰম আৰু আবেগ বিজেপিয়ে সলনি কৰিব নোৱাৰে ৷ ৰাইজ আগৰ দৰেই আছে ৷ আমি ৰাইজৰ মাজলৈ গ’লে ৰাইজ আগৰ দৰে ওলাই আহিব ৷" - যোৰহাট জিলাৰ মৰিয়নীত ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাই মাৰাথান প্ৰচাৰ চলাইছ গৌৰৱ গগৈয়ে এই মত প্ৰকাশ কৰে ।

ৰাজ্যত নিৰ্বাচনী বতাহ ৷ কংগ্ৰেছৰ অভেদ্য দুৰ্গ তিতাবৰত বিজেপিয়ে ৰণডংকা দিয়া এদিনৰ পিচতে চাহ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক তীব্ৰ প্ৰত্যাহ্বান জনাই প্ৰচাৰ অভিযানত নামি পৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৷ দিনজোৰা প্ৰচাৰ অভিযানৰ কাৰ্যসূচী অংশগ্ৰহণৰ সময়ত গৌৰৱ গগৈয়ে মৰিয়নী পুখুৰীয়া নামঘৰত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠ অনুষ্ঠানত সেৱা লৈ গগৈয়ে ৷ এই ভাগৱত পাঠ অনুষ্ঠানত ৰাজ্যবাসীৰ মংগলৰ কামনাৰ্থে বন্তি প্ৰজ্বলন কৰে গগৈয়ে ।

ইয়াৰ পিছতে গৌৰৱ গগৈয়ে মৰিয়নী কেথলিক চাৰ্চত উপস্থিত হৈ খেজুৰ উৎসৱত অংশগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত গৌৰৱ গগৈয়ে আটছা পঞ্চ শ্বহীদ বেদীলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকৰ ত্যাগক স্মৰণ কৰে ।

আনহাতে মৰিয়নীৰ বিভিন্ন স্থানৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়, "মই চাহ শ্ৰমিকৰ লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে বুজ লৈছো ৷ "

আনহাতে শনিবাৰে কংগ্ৰেছৰ দুৰ্গ খ্যাত তিতাবৰত বিজেপিয়ে এক জনসভা আয়োজনক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, " তেওঁলোকে কালিয়ে নহয় বিগত দিনত তিতাবৰত বাহৰ পাতি প্ৰচাৰ অভিযান চলাইছে, কিন্তু তিতাবৰবাসী ৰাইজৰ মৰম আৰু আবেগ সলনি কৰিব নোৱাৰে । তেওঁলোকৰ আগৰ দৰে কংগ্ৰেছৰ প্ৰতি মৰম থাকিব ।"

আনহাতে ক্ৰমবৰ্ধমান হাৰত কংগ্ৰেছ শিবিৰে মৰিয়নিত চলাই অহা প্ৰচাৰ অভিযানে বিধায়ক ৰূপজ্যোতি কুৰ্মীক শংকিত কৰি তুলিছে বুলি ব্যাপক চৰ্চা লাভ কৰা বুলি সদৰী কৰে গগৈয়ে ৷

লগতে পঢ়ক:ৰাণী নৰহ-ভৰত নৰহেও উদয় শংকৰ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব: ভূপেন বৰা - Lakhimpur Lok Sabha Constituency

ABOUT THE AUTHOR

...view details