অসম

assam

ETV Bharat / state

চামগুৰিত কংগ্ৰেছ-বিজেপিৰ সংঘাত চলিয়েই আছে

উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু বিজেপিৰ সংঘাতে চামগুৰি সমষ্টিত ভয়ংকৰ ৰূপ লৈছে ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Congress BJP Clash
কংগ্ৰেছ-বিজেপিৰ সংঘাত; উপ নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত চামগুৰি (ETV Bharat)

নগাঁও,১৭ অক্টোবৰ :উপ-নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানেই চামগুৰি সমষ্টিৰ পৰিৱেশ উত্তাল হৈ পৰিছে । উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত মাত্ৰ দুটা দিনত নগাঁও জিলাৰ চামগুৰিত দুটাকৈ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে । যাৰ বাবে সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে । মঙলবাৰে চামগুৰিত কংগ্ৰেছৰ এক ৰেলীত সংঘটিত আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা অব্যাহত থকাৰ মাজতে পুনৰ চামগুৰিত সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা ।

কংগ্ৰেছ-বিজেপিৰ সংঘাত

চামগুৰিৰ শিঙিমাৰীত কংগ্ৰেছৰ বিধায়কৰ বাহনৰ লগতে একাংশ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণৰ চাঞ্চল্য মাৰ নৌযাওতেই বুধবাৰে নিশা চামগুৰি সমষ্টিৰ মাগুৰমাৰীত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় আন এক মাৰপিটৰ ঘটনা । বুধবাৰে সন্ধিয়া চামগুৰিৰ মাগুৰমাৰীত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত এক মাৰপিটৰ ঘটনাত আহত হয় বিজেপিৰ সামাজিক মাধ্যমৰ দায়িত্বত থকা আশ্ৰাফুল আলম নামৰ এজন বিজেপি কৰ্মী ।

কংগ্ৰেছ-বিজেপিৰ সংঘাত; উপ নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত চামগুৰি (ETV Bharat)

মাগুৰমাৰী অঞ্চলৰ কংগ্ৰেছ নেতা হজৰত আলীৰ নেতৃত্বত কংগ্ৰেছীৰ এটা দলে আশ্ৰাফুলক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কাৱৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছ বিজেপি নেতা-কৰ্মীয়ে । কিন্তু ইয়াৰ বিপৰীতে বিজেপি কৰ্মী আশ্ৰাফুলৰ নেতৃত্বত বিজেপি কৰ্মী সমৰ্থকৰ এটা দলে প্ৰথমে কংগ্ৰেছ নেতা হজৰত আলীৰ ঘৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা হজৰত আলীয়ে । মঙলবাৰে শিঙিমাৰীত সংঘটিত সংঘাতৰ সময়ত কংগ্ৰেছৰ ৰেলীত হজৰত আলীয়েও অংশগ্ৰহণ কৰাৰ সন্দেহত তেওঁৰ বাসগৃহত আক্ৰমণ কৰা বুলিও দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

আনহাতে, বিজেপি কৰ্মী আশ্ৰাফুলক আক্ৰমণ কৰাৰ প্ৰতিশোধত কংগ্ৰেছ নেতা হজৰত আলীৰ বাসগৃহত আক্ৰমণ কৰা বুলিও একাংশই সন্দেহ কৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা উত্তাল হৈ পৰে সমগ্ৰ চামগুৰি সমষ্টি ।

ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

ঘটনা সংঘটিত হোৱাৰ পাছতে নিশাই চামগুৰিত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । কংগ্ৰেছ নেতা হজৰত আলীৰ বাসগৃহৰ চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

আনহাতে নিৰ্বাচনৰ নামত হিংসাত্মক কাৰ্যকলাপত জড়িতসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী অধীক্ষকে অৱগত কৰে । লগতে ৰাজনৈতিক দলসমূহক এনে অপকৰ্মৰ আশ্ৰয় নল'বলৈও তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হৈছে: জিতু গোস্বামী

25 বছৰে চামগুৰিত জংঘলৰাজ চলাই আহিছে ৰকিবুল হুছেইনে: আমিনুল ইছলাম

ABOUT THE AUTHOR

...view details