লখিমপুৰ, ১৩ মে’ :লখিমপুৰ নিবাসী তেজপুৰৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ সোমবাৰে দেহাৱসান ঘটে । লখিমপুৰ নগৰৰ সাত নং ৱাৰ্ড নিবাসী প্ৰাক্তন সাংসদ,বৰ্ষীয়ান কংগ্ৰেছ নেতা ঈশ্বৰ প্ৰসন্ন হাজৰিকা (৮৭)ৰ সোমবাৰে বিয়োগৰ খবৰ পোৱাৰ পাচতেই লখিমপুৰত শোকৰ ছাঁ পৰে । বিগত কিছুদিন ধৰি কংগ্ৰেছ নেতাগৰাকী বৃক্ক আৰু হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ নতুন দিল্লীৰ ওখলাৰ ফৰ্টিছ হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্র, এগৰাকী কন্যা এৰি থৈ যায় । তেওঁৰ বৰপুত্ৰ ৱাশ্বিংটনৰ নিৱাসী । আনহাতে, সৰুপুত্ৰ থাকে ছিংগাপুৰত ৷
১৯৩৭ত উত্তৰ লখিমপুৰৰ অধিবক্তা তথা স্বাধীনতা সংগ্ৰামী তীৰ্থেশ্বৰ হাজৰিকা আৰু ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় মোক্ষদা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ঈশ্বৰ প্ৰসন্ন হাজৰিকাই । উল্লেখ্য যে মেধা সম্পন্ন ঈশ্বৰ প্ৰসন্ন হাজৰিকাই ১৯৫২ ত তেতিয়াৰ অবিভক্ত নেফাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । তেওঁৰ সেই অভিলেখ আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই । ইয়াৰ পিচত ঈশ্বৰ প্ৰসন্ন হাজৰিকাই লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ যায় ।
লণ্ডনৰ পৰা উভতি আহি ভাৰতীয় ৰাজহ সেৱাত চাকৰি কৰি পুনৰ লণ্ডন লৈ যায় আৰু ব্ৰিটিছ চৰকাৰৰ অধীনত ৰাজহ বিভাগত ছয় বছৰ চাকৰি কৰে ৷ পাছত ভাৰতলৈ উভতি আহি তেওঁ বিএইচটিএল, এনটিপিচি, এছটিচি, এমএমটিচি আদি বিভিন্ন প্ৰতিষ্ঠানত নিৰ্দেশক আৰু অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰে ।