অসম

assam

লক্-আপৰ ফটো ভাইৰেল, বিপদত পৰাৰ দিশে ডিব্ৰুগড় আৰক্ষী - Dibrugarh Police Station

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 4:09 PM IST

Updated : Sep 13, 2024, 4:29 PM IST

Sumi-Tarkik locked up photo : নীতিবহিৰ্ভূতভাৱে ফটো ভাইৰেল হ’ল চুমী-তাৰ্কিক লক্-আপত থকাৰ ৷ ইয়াৰ পিছতে কেউফালে হৈ-চৈ ৷ মুখ্যমন্ত্ৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ তেনে সময়তে এগৰাকী অধিবক্তাই আৰক্ষী সঞ্চালক প্ৰধানলৈ মেইল কৰি বিচাৰিছে তদন্ত ৷

Sumi Tarkik locked up photo
লক্-আপৰ ফটো ভাইৰেল কৰাৰ সন্দৰ্ভত অধিবক্তা বিজয় পাণ্ডে (ETV Bharat Assam)

ডিব্ৰুগড়, ১৩ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙেৰে প্ৰৱঞ্চনা কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হ'ল ২২ বছৰীয়া বিশাল ফুকন । বিশাল ফুকনৰ সহযোগী চুমী বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা বৃহস্পতিবাৰৰ পৰা ৫ দিনৰ বাবে ডিব্ৰুগড় সদৰ আৰক্ষীৰ জিম্মাত আছে ।

লক্-আপৰ ফটো ভাইৰেল কৰাৰ সন্দৰ্ভত অধিবক্তা বিজয় পাণ্ডে (ETV Bharat Assam)

বহু চৰ্চাৰ অন্তত বৃহস্পতিবাৰে STFৰ জালত পৰিছিল চুমী বৰা আৰু তাৰ্কিক বৰা । STFৰ দলে ডিব্ৰুগড়ৰ সদৰ থানাত চুমী-তাৰ্কিকক আৰক্ষীক গতাই দিয়াৰ পিছতে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই ডিব্ৰুগড় আৰক্ষীয়ে ৫ দিনৰ জিম্মাত ল’লে দুয়োকে । কিন্তু বৃহস্পতিবাৰে সন্ধিয়া চুমী-তাৰ্কিকৰ লক্-আপৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । লক্-আপৰ ভিতৰত চুমী-তাৰ্কিকৰ ফটো দেখি বহুতে মুখৰোচক কথা আলোচনা কৰিছিল যদিও সমান্তৰালকৈ এইদৰে ফটো ভাইৰেল কৰাটো মানৱ অধিকাৰ ভংগ হোৱা বুলিও চৰ্চা চলিছে ৷ ফলত লক্-আপৰ ভিতৰত চুমী-তাৰ্কিক থকা অৱস্থাৰ ফটো তুলি বিপদত পৰিছে ডিব্ৰুগড় আৰক্ষী ।

অধিবক্তাই ডি জি পিলৈ পঠিওৱা অভিযোগপত্ৰ (ETV Bharat)

চুমী-তাৰ্কিকৰ লক্-আপৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই DGP জি পি সিঙলৈ ই-মেইল কৰে ডিব্ৰুগড়ৰ অধিবক্তা বিজয় পাণ্ডেই । লক্-আপৰ ভিতৰৰ পৰা ফটো কেনেকৈ ভাইৰেল হ'ল তাৰ তদন্ত কৰাৰ দাবী জনাই অধিবক্তাগৰাকীয়ে । সাধাৰণতে যিকোনো লোকৰ ফটো-ভিডিঅ’ লক্-আপৰ ভিতৰত ল’বলৈ দিয়া নহয় । তেনেস্থলত ডিব্ৰুগড় সদৰ থানাৰ ভিতৰৰ পৰা কোন আৰক্ষী বিষয়াই এই ফটো কি কাৰণত ভাইৰেল কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।

অধিবক্তাই ডি জি পিলৈ পঠিওৱা অভিযোগপত্ৰ (ETV Bharat)

অনুমান কৰা হৈছে, যিহেতু বৃহস্পতিবাৰে STF এ সদৰ থানালৈ অনাৰ পুৰ্বে চুমী-তাৰ্কিকক ৰাজআতিথ্য দিয়াৰ অভিযোগ উত্থাপিত হৈছিল । চুমী-তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰা পিছতে সংবাদ মাধ্যমৰ পৰা লুকুৱাই লৈ যোৱা হৈছিল ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা বিলাসী হোটেল ডিব্ৰুগড় ক্লাব হাউছলৈ । আৰক্ষীৰ এটি বৃহৎ দলৰ সৈতে পুৱা ৫.৩০ বজাত ডিব্ৰুগড়ৰ ক্লাব হাউছত উপস্থিত হৈ মুখ-হাত, গা-ধুই, চাহ-ৰুটি খাই ২১ নম্বৰৰ কোঠাত দুঘন্টা জিৰণি লৈছিল চুমী আৰু তাৰ্কিকে ।

প্ৰায় দহদিন পলাই থকা চুমী-তাৰ্কিকক ৰাজআতিথ্য দিয়া বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । এই চৰ্চাক তল পেলাবলৈ আৰক্ষীয়ে আইন উলংঘা কৰি হ’লেও চুমী-তাৰ্কিকক ৰাজআতিথ্য দিয়া নাই বুলি বুজাবলৈ ফটো ভাইৰেল কৰা বুলি আলোচনা হৈছে । এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক :'ডেষ্টিনেশ্যন' লকআপ ! ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লক আপলৈ

চুমী-তাৰ্কিকক প্ৰথমে জিমখানালৈ নিয়াৰ তদন্ত হ’ব : জনালে মুখ্যমন্ত্ৰীয়ে

ট্রেডিঙৰ জৰিয়তে মানুহক প্ৰবঞ্চনা কৰি কোনো সাৰি যাব নোৱাৰে: পীযুষ হাজৰীকা

Last Updated : Sep 13, 2024, 4:29 PM IST

ABOUT THE AUTHOR

...view details