অসম

assam

ETV Bharat / state

উজনি-নামনি ভাগ কৰা মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল - MLA Mrinal Saikia

MLA Mrinal Saikia : উজনি আৰু নামনি অসমক লৈ কৰা বিভাজনমুখী মন্তব্যৰ বাবে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ বিধাকজনৰ বিৰুদ্ধে 24 ঘন্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা দাবী ৷

COMPLAINT AGAINST BJP MLA
বিপদত বিজেপি বিধায়ক মৃণাল শইকীয়া (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 7:19 PM IST

বৰপেটা, 8 জুন : বিপদত বিজেপি বিধায়ক মৃণাল শইকীয়া ৷ উজনি-নামনি ভাগ কৰি এইবাৰ দল-সংগঠনৰ ৰোষত বিজেপি বিধায়কগৰাকী ৷ মৃণাল শইকীয়াৰ বিৰুদ্ধে এইবাৰ বৰপেটাৰ সৰভোগ থানাত এজাহাৰ দাখিল ৷ নামনি অসমক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে সৰভোগত বীৰ লাচিত সেনাৰ নেতৃত্বই এজাহাৰ দাখিল কৰে বিজেপি বিধায়গৰাকীৰ বিৰুদ্ধে ৷ এজাহাৰ দাখিল কৰি 24 ঘন্টাৰ ভিতৰত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দাবী বীৰ লাচিত সেনাৰ ৷

মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV BHARAT ASSAM)

উল্লেখ্য যে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে নামনি অসমক লৈ বিতৰ্কিত মন্তব্য কৰিছিল খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই ৷ আনকি নামনি অসমৰ লোকক উজনিৰ লোকেহে খুৱাই থকা বুলিও অশোভনীয় মন্তব্য কৰিছিল বিজেপি বিধায়কগৰাকীয়ে ৷ বিধায়ক মৃণাল শইকীয়াই উজনি আৰু নামনি অসমক লৈ কৰা বিভাজনমুখী মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে বীৰ লাচিত সেনাই বিধায়কগৰাকীৰ বিৰুদ্ধে শনিবাৰে এজাহাৰ দাখিল কৰে ৷ সৰভোগত এজাহাৰ দাখিলৰ পিচতে মৃণাল শইকীয়াৰ ওপৰত 24 ঘন্টাৰ ভিতৰত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক আমীৰ চৌধুৰীৰ ৷

লাচিত সেনাৰ নেতাগৰাকীয়ে কয়- "অসম এখনেই ৷ মৃণাল শইকীয়াৰ দৰে ব্যক্তিয়ে অসমখনক দুভাগ কৰিবলৈ বিচাৰিলেও সেয়া হ’বলৈ দিয়া নহ’ব ৷ অসমক দুভাগ কৰিব বিচাৰিলে বীৰ লাচিত সেনাই সন্মুখৰ পৰা বাধা প্ৰদান কৰিব ৷" ইফালে মৃণাল শইকীয়াক 'বিজেপিৰ শিয়াল' আখ্যা দিয়ে লাচিত সেনাৰ নেতাজনে ৷ লগতে বিধায়জনৰ বিৰুদ্ধে 24 ঘন্টাৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, তেওঁৰ সমষ্টিলৈ আহি বিধায়কজনৰ সৈতে যুক্তি-তৰ্কত বহিবলৈয়ো সাজু হৈ আছে বুলি সংগঠনটোৰ জিলা সমিতিৰ নেতৃত্বই জনায় ৷

লগতে পঢ়ক :মৃণাল শইকীয়াই গোপনে সহায় কৰিছিল চাগৈ গৌৰৱ গগৈক ! সন্দেহ উপজিছে মুখ্যমন্ত্ৰীৰ - CM Himanta on Mirnal Saikia

ABOUT THE AUTHOR

...view details