তিনিচুকীয়া : উদুলি-মুদুলি ৰভাতলী ৷ কোনোৱে যদি সাজিছে বিবাহ মণ্ডপৰ আসন, আন কোনোৱে আকৌ তৈয়াৰ কৰিছে বিবাহৰ অভ্যৰ্থনালৈ অহা অতিথি আপ্যায়নৰ বাবে সুস্বাদু ভোজন ৷ ইফালে মাংগলিক উৰুলিৰ পাছতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে পবিত্ৰ কৰিছে চাৰিওদিশ ৷ সাজু হৈছে দৰা-কইনা ৷ আয়তিয়েও গাইছে হিয়া কান্দি উঠাকৈ বিয়ানাম ৷
পুৰোহিতে বৰ-কইনাক মতাৰ পাছতে ৰভাতলীলৈ ওলাই আহিছে শ শ যোৰা দৰা-কইনা ৷ সকলোৱে হেনো বহিব বিয়াত ৷ এতিয়া হয়তো আপুনি ভাবিছে কি ক’বলৈ বিচৰা হৈছে এই প্ৰতিবেদনত !
মাংগলিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শ শ যোৰা দৰা-কইনা (ETV Bharat Assam) প্ৰকৃততে তিনিচুকীয়াত আয়োজন কৰা হৈছে এখন বিবাহ, যিখন বিবাহক লৈ চৰ্চিত হৈছে উজনি অসম ৷ কিয়নো এইখন বিবাহ আন বিবাহৰ দৰে নহয় । সাধাৰণতে এখন বিবাহত বহে এটা দম্পতি, কিন্তু এইখন বিবাহত এটা নহয় ২৫৫ যোৰা দম্পতি বহিছে একেলগে । বিবাহথলীত আয়োজন কৰা হৈছে সকলোৰে বাবে খোৱা-বোৱাও ।
সামূহিক বিবাহ (ETV Bharat Assam) আচলতে, বৃহস্পতিবাৰে তিনিচুকীয়াৰ ঐতিহাসিক শিৱধাম মন্দিৰৰ চৌহদত উত্তৰ-পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থা, জয়পুৰ আৰু তিনিচুকীয়া জিলা বিবাহ সমিতিৰ উদ্যোগত সামূহিক বিবাহ সংস্কাৰৰ আয়োজন কৰা হয় । বিশাল মণ্ডপ সাঁজি তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া দুলীয়াজান, মেয়াও, ডিব্ৰুগড়, যোৰহাটৰ ২৫৫ যোৰা দম্পতি বিবাহপাশত আবদ্ধ হয় ।
মাংগলিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শ শ যোৰা দৰা-কইনা (ETV Bharat Assam) প্ৰথমে পুৱাৰ ভাগত চহৰখনৰ দেৱী পুখুৰীত পানী তুলি এক বিশাল কলহ যাত্ৰাৰ জৰিয়তে চহৰখন পৰিভ্ৰমণ কৰাৰ পাছত মুখ্যস্থান শিৱধাম মন্দিৰত উপস্থিত হয় আয়তীৰ দল । তাৰ পাছতে পুৰোহিতৰ উপস্থিতিত মাংগলিক ৰীতি-নীতিৰে অগ্নিদেৱতাক সাক্ষী কৰি ইজনে সিজনক বৰমালা পিন্ধাই বিবাহপাশত আবদ্ধ হয় ।
সামূহিক বিবাহ (ETV Bharat Assam) এই সামূহিক বিবাহ সংস্কাৰ আয়োজক সমিতিৰ সভাপতি কাজল গোঁহায়ে কয়, ‘‘বহু সময়ত আৰ্থিক অসুবিধাৰ বাবে হিন্দু সনাতনী ধৰ্মৰ লোকসকলে বিবাহৰ নীতি-নিয়ম কৰিব নোৱাৰে ৷ তেনে কিছু অসুবিধাৰ অজুহাত লৈ অন্য ধৰ্মলৈ ধৰ্মান্তৰিত কৰা দেখা যায় । গতিকে তেনে লোকসকলৰ কথা চিন্তা কৰিয়েই আজি এই সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷’’