অসম

assam

ETV Bharat / state

সঘন লোডশ্বেডিঙত অতিষ্ঠ সাধাৰণ জনতা : ঠায়ে ঠায়ে বিদ্যুৎ আহে মাজে-সময়ে - Load Shedding in Assam

APDCL load shedding problem: চাহিদা অনুপাতে বিদ্যুতৰ যোগান ধৰিব নোৱাৰি এ পি ডি চি এলে ৷ ঘণ্টাৰ পিচত ঘণ্টা ধৰি কৰ্তন কৰি আহিছে বিদ্যুৎ। গ্ৰামাঞ্চলৰ কথা বাদেই, গুৱাহাটী মহানগৰীতে বিগত দিনকেইটাত অব্যাহত আছে সঘন লোডশ্বেডিং ৷

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:54 PM IST

APDCL load shedding problem
সঘন লোডশ্বেডিঙত অতিষ্ঠ সাধাৰণ জনতা (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুন : এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ সঘন লুকাভাকু । সমস্যাত সাধাৰণ জনতা । ৰাজ্যত বিদ্যুতৰ সঘন লোডশ্বেডিঙে অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক ৷

চাহিদা অনুপাতে বিদ্যুতৰ যোগান ধৰিব নোৱাৰি এ পি ডি চি এলে ঘণ্টাৰ পিচত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰি আহিছে ৷ গ্ৰামাঞ্চলৰ কথা বাদেই ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে বিগত দিনকেইটাত অব্যাহত আছে সঘন লোডশ্বেডিং ৷ ঘণ্টাৰ পিচত ঘণ্টা ধৰি মহানগৰীৰ প্ৰান্তে প্ৰান্তে কৰ্তন কৰা হৈছে বিদ্যুৎ ।

ইফালে গ্ৰামাঞ্চলৰ কথা কৈ লাভেই নাই ৷ গ্ৰামাঞ্চলত বৰ্তমান সময়ত মাজে সময়েহে বিদ্যুৎ আহে ৷ গড় হিচাপত প্ৰতিদিনে গ্ৰামাঞ্চলৰ বিভিন্ন অঞ্চলত সৰ্বাধিক পাঁচ ঘণ্টাহে বিদ্যুৎ যোগান ধৰিব পাৰিছে এ পি ডি চি এলে ৷

লক্ষ্যণীয় বিষয় যে বৰষুণ দিলে এ পি ডি চি এলে বিদ্যুৎ কৰ্তনৰ সুবিধাহে পায় ৷ ২৪ ঘণ্টাত মাত্ৰ পাঁচ ঘণ্টাহে বিদ্যুৎ যোগান ধৰিবলৈ সমৰ্থ হোৱা এ পি ডি চি এলে বিদ্যুৎ কর্তন কৰি জোৰা-টাপলি মাৰি আহিছে যদিও অত্যধিক মাচুল সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই ।

লগতে পঢ়ক:অসমলৈ ১৭৯ মেগাৱাট বিদ্যুৎ শক্তি ক্ৰয়ৰ বাবে যোগানৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

উল্লেখ্য যে ৰাজ্যৰ হাজাৰ হাজাৰ গ্ৰাহকক বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে প্ৰদান কৰা হৈছে বিদ্যুৎ ব্যয়ৰ আনুমানিক বিল । মিটাৰ অনুসৰি পাঁচশ টকা বিল পৰিশোধ কৰা একোজন গ্ৰাহকৰ নামত অনলাইনযোগে প্ৰস্তুত কৰা হৈছে প্ৰায় দুগুণ পৰিমাণৰ আনুমানিক বিল । ইফালে ঠায়ে ঠায়ে আকৌ বহু গ্ৰাহকৰ ঘৰত মিটাৰ সংস্থাপন নকৰাৰ সূত্ৰে মাহৰ পিচত মাহ ধৰি আনুমানিক বিল প্ৰদান কৰি আহিছে এ পি ডি চি এলে ।

এটা কথা স্পষ্ট যে ৰাজ্যত চাহিদা অনুপাতে বিদ্যুতৰ উৎপাদন তেনেই নগণ্য । অলপতে জনতা ভৱনৰ এক অনুষ্ঠানত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰিছে । তথাপিও বিদ্যুৎ সংকটৰ বিষয়টোক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব বিচাৰে এ পি ডি চি এলে ।

বিদ্যুতৰ সংকট নাই বুলি সদৰী কৰি অহা এ পি ডি চি এলে কেৱল গ্ৰামাঞ্চলেই নহয়, খোদ গুৱাহাটীতে বিগত কেইদিনমানৰ পৰা সঘন লোডশ্বেডিং কৰি আহিছে ৷ বিগত কিছুদিন বৰষুণৰ বাবে গুৱাহাটীৰ তাপমাত্ৰা কিছু কম থকাত লোডশ্বেডিঙৰ বিষয়টোক লৈ বিশেষ সমস্যা হোৱা নাছিল । কিন্তু বিগত দুটা দিন ধৰি উত্তাপ বৃদ্ধি পোৱাত গৰমে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক । তাতে আকৌ সঘন লোডশ্বেডিঙৰ সমস্যা ।

লগতে পঢ়ক:সৌৰশক্তিৰ নিয়ন্ত্রণত জনতা ভৱন : সেউজ শক্তিৰ দেশৰ প্ৰথমটো সচিবালয়

এনে পৰিস্থিতিত মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । অলপতে মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত এক অনুষ্ঠানত সদৰী কৰা অনুসৰি অসমত পিক আৱাৰত ২৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বিপৰীতে উৎপাদন হয় মাত্ৰ ৪২০ মেগাৱাট ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে সৌৰশক্তি প্ৰকল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি অসমত বিদ্যুতৰ ৬০ লাখ উপভোক্তা আছে । বৰ্তমান সময়ত পিক আৱাৰত প্ৰতি ইউনিট বিদ্যুৎ ১০ টকাত ক্ৰয় কৰা হয় আৰু উপভোক্তাক ৫.৮৫ টকাত দিয়া হয় । এই লোকচান ৰাজ্য চৰকাৰে বহন কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছিল ।

উল্লেখ্য যে এ পি জি চি এলে নিজস্বভাৱে উৎপাদন কৰে মাত্ৰ ৪২০ মেগাৱাট বিদ্যুৎ ৷ বিভিন্ন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি চাহিদা পূৰণ কৰি আহিছে এ পি ডি চি এলে ৷

লগতে পঢ়ক:এতিয়াৰে পৰা মুখ্যমন্ত্রী, মন্ত্রী-আমোলাই বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুৎ মাচুল

ABOUT THE AUTHOR

...view details