অসম

assam

ফাঁচীবজাৰ জাহাজঘাটৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহত 1, আহত 5 : নিশাই পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে - FANCY BAZAR CYLINDER BLAST

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 9:25 AM IST

Updated : Jun 27, 2024, 11:47 AM IST

Fancy Bazar River Terminal: ফাঁচীবজাৰৰ অত্যাধুনিক গুৱাহাটী গেটৱে জাহাজঘাটত চিলিণ্ডাৰ বিস্ফোৰণ । এই ঘটনাত এজন নিহতৰ লগতে আন 5 জন লোক গুৰুতৰভাৱে আহত ৷ বুধবাৰে সংঘটিত এই ঘটনাৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

FANCY BAZAR CYLINDER BLAST
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 27 জুন: মহানগৰী গুৱাহাটীত চিলিণ্ডাৰ বিস্ফোৰণ ৷ ফাঁচীবজাৰৰ ব্ৰহ্মপুত্ৰৰ ঘাটত সংঘটিত হৈছে এই চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা ৷

ফাঁচীবজাৰ জাহাজঘাটৰ চিলিণ্ডাৰ বিস্ফোৰণ (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া প্ৰায় 7 বজাত ফাঁচীবজাৰৰ সমীপৰ জাহাজঘাটত সংঘটিত হৈছিল এক চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা ৷ এই বিস্ফোৰণত নিহত হৈছিল এগৰাকী শ্ৰমিক ৷ তদুপৰি আন 5 গৰাকী শ্ৰমিক হৈছিল গুৰুতৰভাৱে আহত ৷

লগতে পঢ়ক:বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সামগ্ৰী - FIRE INCIDENT

এই বিস্ফোৰণৰ পিছতে নিশাৰ ভাগত ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পৰিস্থিতি পৰিদৰ্শনৰ অন্ত মুখ্যমন্ত্ৰী শৰ্মাই বিস্ফোৰণস্থলীত ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত নহ’বৰ বাবে প্ৰয়োজনীয় সকলো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত ৷

জাহাজঘাটত চিলিণ্ডাৰ বিস্ফোৰণ (ETV Bharat Assam)

অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব আৰু প্ৰকল্প সঞ্চালক গৌৰৱ উপাধ্যায়ে কলকাতাৰ পৰা অনা এটা প্লেটনৰ ভিতৰত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা মুখ্য়মন্ত্ৰীৰ আগত ব্যক্ত কৰে ।

বুধবাৰে সন্ধিয়া প্লেটনৰ ভিতৰত ৱেল্ডিং কৰাৰ সময়ত অত্যধিক গৰমৰ বাবে গেছ লিক হৈ বিস্ফোৰণ কাণ্ড সংঘটিত হয় ৷ গুৰুতৰভাৱে আহত আটাইকেইগৰাকী শ্ৰমিকক মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এগৰাকী শ্ৰমিকৰ চিকিৎসালয়তে মৃত্যু ঘটে বুলি প্ৰকল্প সঞ্চালকগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক:লক্ষ্ণৌত চিলিণ্ডাৰ বিস্ফোৰণত শিশুসহ ৫ নিহত, আহত ৪

উল্লেখ্য যে, মহানগৰীৰ ফাঁচীবজাৰত প্ৰায় ৩০৪ কোটি টকা ব্যয়সাপেক্ষ অত্যাধুনিক গুৱাহাটী গেটৱে' জাহাজঘাটৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে ৷ চলিত বছৰৰে ছেপ্টেম্বৰ মাহত এই ঘাটটোৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ কথা ৷ ইয়াতে ব্যৱহৃত চিলিণ্ডাৰৰে বিস্ফোৰণ ঘটে ৷

ফাঁচীবজাৰ জাহাজঘাট (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মীয়মান এই জাহাজ টাৰ্মিনেলটোৰ কামৰ দায়িত্বত আছে এন এল টি নামৰ এটা কোম্পানী ৷ এই ঘটনাত নিহত আৰু আহত শ্ৰমিককেইজন পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে ৷ নিহত শ্ৰমিকগৰাকীৰ নাম মাঝি বুলি জনা গৈছে ৷

লগতে পঢ়ক:বেংগালুৰুৰ ব্যস্ত কেফেত বিস্ফোৰণ: আহত 10

Last Updated : Jun 27, 2024, 11:47 AM IST

ABOUT THE AUTHOR

...view details