গুৱাহাটী, ২১ ছেপ্টেম্বৰ : সোণাৰিৰ এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ পিছতে বিপদত পৰিছে এগৰাকী আৰ টি আই কৰ্মী ৷ দুলাল বৰা নামৰ আৰ টি আই কৰ্মীগৰাকীক তলব কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ সোমবাৰে (23 ছেপ্টেম্বৰ) মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে দুলাল বৰাক ৷
উল্লেখ্য যে আৰ টি আই কৰ্মী দুলাল বৰাৰ আছে এটা নিউজ পৰ্টেল ৷ উক্ত ডিজিটেল নিউজৰ কাৰ্যালয়ত বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে শকত অংকৰ ধন বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ তাৰ পিছতে শুকুৰবাৰে নিশা দুলাল বৰাক বিচাৰি গুৱাহাটীত তদাৰকী কোষে অভিযান চলাইছিল ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ সূত্ৰ অনুসৰি বিতৰ্কিত আৰ টি আই কৰ্মীগৰাকীয়ে আত্মগোপন কৰি আছে ৷
উল্লেখ্য যে আয় বৰ্হিভূত সম্পত্তিৰ অভিযোগত ৮/২৪ নম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গোচৰ ৰুজু কৰিছিল ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধে । ইতিমধ্যে মঙলদৈৰ JNSM হাস্পতালৰ আন এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি চিকিৎসক মৃদুপৱন নাথক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাও হৈছে ৷