গোলাঘাট: দেৰগাঁৱৰ এজন যান-বাহন আৰক্ষীয়ে লাভ কৰা মুখ্যমন্ত্ৰীৰ বঁটা ওভতাই ল'লে গৃহ বিভাগে । দেৰগাঁও আৰক্ষী থানাত কৰ্মৰত নিতুল ফুকন নামৰ আৰক্ষী বিষয়াগৰাকীয়ে স্বাধীনতা দিৱসত লাভ কৰিছিল এই বঁটা । মুখ্যমন্ত্ৰীৰ বিশেষ সেৱাৰ পদক আৰু অসাধাৰণ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিছিল নিতুল ফুকনে ।
ফেচবুক লাইভ কৰি আত্মহনন কৰিছিল অজয় দত্তই:
অভিযোগ অনুসৰি ২০২৩ বৰ্ষৰ বিজয়া দশমীত নিতুল ফুকনৰ বাবেই দেৰগাঁৱৰ দ'লৰমুখ গাঁৱৰ অজয় দত্ত নামৰ যুৱকজনে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল দেৰগাঁৱত । ২০২৩ বৰ্ষৰ বিজয়া দশমীৰ নিশা ফেচবুক লাইভ কৰি আত্মহননৰ পথ বাছি লৈছিল অজয় দত্তই । যান-বাহন আৰক্ষী আৰু এজন গাড়ী চালকে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি আত্মহনন কৰিছিল যুৱকজনে ।
এই ঘটনাৰ তদন্ত চলি থাকোতেই নিতুল ফুকনলৈ আগবঢ়োৱা হৈছিল মুখ্যমন্ত্ৰী বিশেষ সেৱা বঁটা । অৱশেষত কিছু পলমকৈ হ'লেও আৰক্ষী বিভাগে ঘূৰাই বিচাৰিলে নিতুল ফুকনক প্ৰদান কৰা পদক আৰু বঁটা । গৃহ বিভাগৰ এই তৎপৰতাত সন্তুষ্টি প্ৰকাশ কৰি অজয় দত্তৰ মাতৃয়ে কয়, "এবছৰ পূৰ্বে দেৰগাঁৱত যান-বাহন আৰক্ষী বিষয়া নিতুল ফুকনে মোৰ পুত্ৰক গাড়ীত তুলি নি প্ৰহাৰ কৰিছিল । তাৰ পাছত নিতুল ফুকনক বঁটা প্ৰদান কৰিলে, আকৌ সেই বঁটা আৰক্ষীয়ে ঘূৰাই ল'লে । কিন্তু হত্যাকাৰীয়ে কেনেকৈ বঁটা লাভ কৰিছিল ? আমি আদালতলৈ যাওঁতে আৰক্ষীয়ে আমাক গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছে । "
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰাৰ অভিযোগ :
তেওঁ আৰু কয়- " এতিয়ালৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, মোবাইল ফোন আমি লাভ কৰা নাই । মোৰ পুত্ৰই কৈছিল সকলো কথা । নিতুল ফুকনৰ পৰা বঁটা ঘূৰাই লোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ বাবে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো । কোনোপধ্যেই গোচৰ উঠাই নলও । তেওঁ এজন হত্যাকাৰী আৰু মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে । আৰক্ষীয়ে কোৱা মতে অজয় দত্তই ছোৱালী জোকাইছিল যাৰ বাবে তাক গাড়ীৰ ভিতৰত বহুৱাই থৈছিল । তাক মাৰপিট কৰা নাই, কিন্তু গাড়ীৰ পৰা নামোতে এচাট দিছিল, কিন্তু মোৰ পুত্ৰই কৈছিল যে মা মোক বহুত মাৰপিট কৰিছিল ।"