মাজুলীৰ ১০.৯৩২ লোকক প্ৰদান ভূমি পট্টা মাজুলী, ২৭ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে আজি অৰ্থাৎ মঙলবাৰে দ্বীপ জিলা মাজুলীৰ ১০,৯৩২ জন লোকক অসম চৰকাৰে প্ৰদান কৰে ভূমি পট্টা । অসম চৰকাৰে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলক ভূমি পট্টা দিয়াৰ বাবে "মোৰ মাটি, মোৰ অধিকাৰ’’ শীৰ্ষক শ্ল’গানেৰে আৰম্ভ কৰা মিছন বুসন্ধৰা ২.০ অধীনত আজি মাজুলীৰ প্ৰায় দহ হাজাৰৰ অধিক পৰিয়ালক ভূমি পট্টা প্ৰদান কৰে । মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইসকল লোকক ভূমি পট্টা প্ৰদান কৰে ।
এই অনুষ্ঠানতে ৰাণা গোস্বামী সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘ৰাণা গোস্বামী অসমৰ এজন অত্যন্ত ভাল ৰাজনীতিবিদ ৷ বিজেপিৰ জয় যাত্ৰাৰ সময়ত যোৰহাটত ৰাণা গোস্বামীয়ে নিজৰ শক্তি ৰাখি থৈছে ৷ তেওঁ বিজেপিত যোগদান কৰিলে আমি ভাল পাম ৷ কিন্তু বৰ্তমান পৰ্যন্ত তেওঁৰ লগত আমাৰ কোনো কথা-বতৰা হোৱা নাই’’ ৷
ইয়াৰ উপৰিও অচিৰেই মাজুলীক হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে ঘোষণা কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মাজুলীক নেশ্যনেল হাইৱে সৈতে ইতিমধ্যে সংযোগ কৰা প্ৰসংগতো তেওঁ মন্তব্য কৰে ৷ লোকনিৰ্মাণ বিভাগে অতি কম দিনৰ ভিতৰতে কাম আৰম্ভ কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ আৰু কয় যে টুনী নদীক পুনৰ উদ্ধাৰ বাবে ইতিমধ্যে ২২ কোটি টকা আৱন্টন দিয়া হৈছে ৷ ইয়াৰ জৰিয়তে ৪ হাজাৰ কৃষিভূমি সুৰক্ষিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ১১ খন আসন দখল কৰিব সেয়া নিশ্চিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লোকসভা নিৰ্বাচনৰ কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা কৰিব সেয়া আজিয়েই সিদ্ধান্ত হ'ব বুলিও তেওঁ কয় । ‘‘প্ৰাৰ্থীক লৈ কোনো চিন্তা কৰিব লগা নাই । মোদীৰ প্ৰতি ৰাইজৰ আস্থা আছে ।’’ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
লগতে পঢ়ক :মাজুলীৰ দহ হাজাৰৰো অধিক লোকে পাব ভূমিৰ পট্টা