গুৱাহাটী, ১৬ ছেপ্টেম্বৰ:ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত দেওবাৰে অনুষ্ঠিত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাত ১০ বজাৰ লগে লগে বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা । তিনি সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হৈছে এঘাৰ লক্ষাধিক প্ৰাৰ্থীক নিৰ্দিষ্ট সময়ৰ পূৰ্বেই চলোৱা হয় তালাচী । এই তালাচীৰ নামতেই নলবাৰীৰ বেলশৰস্থিত শ্বহীদ স্মৃতি কলেজত এগৰাকী যুৱতীক পৰীক্ষা দিবলৈ যাওঁতে কেন্দ্ৰটোৰ বাহিৰত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ সামাজিক মাধ্য়ম যোগে উত্থাপিত হয় । ইয়াৰ পিচতেই এই বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।
পৰীক্ষাৰ ক্ষেত্ৰত অসমত কেতিয়াও নেদেখা নিৰাপত্তা ব্যৱস্থাৰে দেওবাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সম্পন্ন কৰি বিতৰ্কত সোমাই পৰিছে ৰাজ্য় চৰকাৰ । মহিলা পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত চলোৱা তালাচীত শ্লীলতা হানি আৰু অস্বাস্থ্যসন্মত তালাচীৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত হ’বলগীয়া পৰীক্ষা কেইটাত মহিলা প্ৰাৰ্থীৰ তালাচীৰ ক্ষেত্ৰত এছ অ’ পি প্ৰস্তুত কৰা হ’ব বুলি আজি ঘোষণা কৰিছে ।
- সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ADRE পৰীক্ষা সন্দৰ্ভত আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয়, “আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শ্লীলতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ । গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক SOP প্ৰস্তুত কৰা হ'ব ৷”
দেওবাৰে অনষ্ঠিত তৃতীয় বৰ্গৰ পৰীক্ষাত নলবাৰীৰ এগৰাকী যুৱতী প্ৰাৰ্থীয়ে তালাচীৰ নামত শৰীৰৰ গোপন অংশত হাত দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ এই যুৱতীগৰাকীৰ অভিযোগৰ পিচত সামাজিক মাধ্যমত বিভিন্নজনে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।
- মুখ্যমন্ত্ৰীৰ ঘোষণা
এই বিষয়টোৱে সমগ্ৰ ৰাজ্য জুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাত আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ADRE ৰ পৰৱৰ্তী পৰীক্ষাৰ বাবে SOP প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰে ৷ সামজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে এইদৰে, “কালি যুৱক-যুৱতীসকলে খুব আশাৰে ৰৈ থকা ADRE ৰ প্ৰথমটো পৰীক্ষা সফলতাৰে অনুষ্ঠিত হয় ৷ ইয়াৰ মাজতে এটা অতি স্পৰ্শকাতৰ অভিযোগ উত্থাপন হৈছে ৷ নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্টবলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বিষয়টো চিন্তনীয় আৰু সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো ।”