অসম

assam

চলিত বৰ্ষৰ জুলাইলৈকে ৰাজ্যত ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু - Crime Against Women in Assam

CM Himanta on crime against women: ২০০১ চনৰ পৰা চলিত বৰ্ষৰ জুলাইলৈ ৰাজ্যত ৰুজু হোৱা ধৰ্ষণৰ গোচৰৰ তথ্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ ৷ মহিলাসকলৰ বাবে নিৰাপদ আৰু অধিক ন্যায়সংগত পৰিৱেশ সৃষ্টিৰ চেষ্টা চলি থকাৰ দাবী ড৹ শৰ্মাৰ ৷

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 5:40 PM IST

Published : Aug 25, 2024, 5:40 PM IST

ETV Bharat / state

চলিত বৰ্ষৰ জুলাইলৈকে ৰাজ্যত ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু - Crime Against Women in Assam

CM Himanta on crime against women
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ২৫ আগষ্ট : দেশ জোঁকাৰি যোৱা কলকাতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সমান্তৰালভাৱে ৰাজ্যত শেহতীয়াকৈ সংঘটিত কেবাটাও নাৰীজনিত অপৰাধৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠন, ৰাইজ সৰৱ হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৪ বছৰত ৰাজ্যত ধৰ্ষণৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তথ্য সামাজিক মাধ্যম এক্সযোগে সদৰী কৰিছে ।

২০০১ চনৰ পৰা চলিত বৰ্ষৰ জুলাইলৈকে ৰাজ্যত ৰুজু হোৱা ধৰ্ষণৰ গোচৰৰ তথ্য প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাইলৈকে ৰাজ্যত ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে । ২০২৩ চনত ৯৮৯ টা গোচৰ ৰুজু হৈছে ৷

চনধৰ্ষণৰ গোচৰচনধৰ্ষণৰ গোচৰচনধৰ্ষণৰ গোচৰ
২০০১৮১৭২০১০১৭২১২০১৯৩৫৪৬
২০০২৯৭০২০১১১৭০০২০২০১৬৫৭
২০০৩১০৯৫২০১২১৭১৬২০২১১৭৩৩
২০০৪১১৭১২০১৩১৯৩৭২০২২১১১৩
২০০৫১২৩৮২০১৪১৯৮০২০২৩৯৮৯
২০০৬১২৪৪২০১৫১৭৩৩২০২৪ (জুলাইলৈকে)৫৮০
২০০৭১৪৩৭২০১৬১৭৭৯
২০০৮১৪৩৮২০১৭৩৫৪৪
২০০৯১৬৩১২০১৮৩২৯৬


এই তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে যে ধৰ্ষণৰ সকলো ঘটনাক সমস্বৰে গৰিহণা দিয়া উচিত ৷ এনে ঘটনাই মানৱীয় প্ৰমূল্যক কুঠাৰাঘাট কৰে আৰু সমাজৰ পৰা এনে জঘন্য অপৰাধ নিৰ্মূল কৰাৰ বাবে একেলগে কাম কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷ আমাৰ সমাজখনত এনে নিৰ্যাতনৰ ঘটনা সংঘটিত নোহোৱাটো নিশ্চিত কৰিবলৈ আমি একত্ৰিত হোৱা উচিত আৰু ইয়াৰ জৰিয়তেহে সুৰক্ষা ন্যায় আৰু সহানুভূতিৰ বাতাবৰণ গঢ়ি উঠিব ৷

তালিকাখন প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘ওপৰৰ তালিকাখনে সকলোৰে বাবে বিশেষকৈ আমাৰ মহিলাসকলৰ বাবে এক নিৰাপদ আৰু অধিক ন্যায়সংগত পৰিৱেশ সৃষ্টিৰ বাবে আমাৰ চলি থকা প্ৰচেষ্টা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে । আহক আমি একত্ৰিত হওঁ যাতে পৃথিৱীত এনে অত্যাচাৰে কোনো স্থান নাপায় আৰু যাতে নিৰাপত্তা, ন্যায় আৰু মমতাই প্ৰাধান্য পায় ।’’

লগতে পঢ়ক :ঘৰৰ চোতালতে গচকি গচকি ভায়েকে হত্যা কৰিলে ককায়েকক

বঙাইগাঁৱৰ অল্ড ক'লনীত অস্ত্ৰধাৰী যুৱকৰ তাণ্ডৱ

ৰাজ্যত ধিঙৰ দৰে সংঘটিত ঘটনাৰ আঁৰত কি ষড়যন্ত্ৰ আছে ?

ABOUT THE AUTHOR

...view details