অসম

assam

ETV Bharat / state

নিশা কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam Flood 2024

Flood in Kaziranga: বাগৰিত সন্ধিয়া উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এটা গঁড় পোৱালিকে ধৰি কাজিৰঙাত মৃত্যু সাতকৈ বন্যপ্ৰাণীৰ ৷

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:48 PM IST

Etv Bharat
Etv Bharat (Etv Bharat)

কাজিৰঙা, ২ জুলাই: চলিত বৰ্ষৰ প্ৰথমটো বানত কাজিৰঙাত মৃত্যু হৈছে এটা গঁড় পোৱালিকে ধৰি সাতটাকৈ বন্যপ্ৰাণীৰ৷ বাঢ়নী পানীত বুৰ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় পোৱালিৰ মৃত্যু হোৱাৰ বিপৰীতে পানীত ডুবি মৃত্যু হৈছে দুটা হৰিণাৰ ৷ আনহাতে, চাৰিটা হৰিণাৰ গাড়ীৰ খুন্দাত মৃত্যু হয় ৷

কাজিৰঙাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ (ETV Bharat Assam)

ইপিনে, মঙলবাৰে নিশা কাজিৰঙাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ কাজিৰঙাৰ বাগৰিত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক কয়, ‘‘বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আমি কাম কৰি আছো ৷ কাৰ্বি পাহাৰৰ দিশত আশ্ৰয় লোৱা বন্যপ্ৰাণী যাতে বানৰ পিচত সুকলমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিব পাৰে তাৰ বাবেও আমি প্ৰচেষ্টা হাতত লৈছো ৷’’

কাজিৰঙাৰ বান পৰিস্থিতি সন্দৰ্ভত উদ্যানৰ বাগৰি বনাঞ্চলত বনবিভাগ, আৰক্ষী, প্ৰশাসনৰ সৈতে এক সভাত মিলিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত লগতে কয় যে বানৰ ফলত এটা গঁড়ৰ পোৱালিৰ মৃত্যু ঘটাৰ বিপৰীতে দুটাকৈ পহু পথ অতিক্ৰম কৰাৰ চেষ্টা কৰোতে মৃত্যু হৈছে ৷ তদুপৰি, আগন্তক দুদিনৰ ভিতৰত কাজিৰঙাত পানী কমাৰ সম্ভাৱনা থকাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য, ক্ৰমাৎ জটিল অৱস্থালৈ গতি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ৷ নুমলীগড় আৰু ধনশিৰিত বাঢ়নি পানী বিপদ সীমাৰ ওপৰেদি বৈ থকাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বৃদ্ধি পাইছে বাঢ়নি পানীৰ জলস্তৰ ৷ যাৰ ফলত আজি বিয়লি পৰ্যন্ত উদ্যানখনৰ ১৬৭ টাকৈ বনশিৱিৰ এলেকা বানে বুৰাই পেলায় ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম

মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, কাজিৰঙাৰ মুঠ ২৩৩ টা বনশিৱিৰৰ ১৬৭ টা বনশিৱিৰ এলেকাই প্লাবিত হৈছে ৷ সেইমতে, অগৰাতলি বনাঞ্চলৰ মুঠ ৩৪ টা বনশিৱিৰৰ ৩৪ টা, কহঁৰা বনাঞ্চলৰ ৫৮ টা বনশিৱিৰৰ ৪৮ টা, বাগৰি বনাঞ্চলৰ ৩৯ টা বনশিৱিৰৰ ২৯ টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ২৫ টা বনশিৱিৰৰ ১৩ টা, বোকাখাতৰ ৯ টা বনশিৱিৰৰ ৭ টা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৩০টা বনশিৱিৰৰ ২২ টা আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ৩৮ টা বনশিৱিৰৰ ১৪ টা বনশিৱিৰ এলেকা প্লাৱিত হৈছে ৷

বাঢ়নী পানীয়ে উদ্যানৰ অন্তৰ্ভাগৰ কেতবোৰ এলেকা ৫ ফুট পৰ্যন্ত বুৰাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত বনাঞ্চলসমূহৰ ৮ টাকৈ বনশিৱিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷ বৰ্তমানলৈকে অগৰাতলিত ২ টা, কহঁৰাত ১ টা, বোকাখাতত ৩টা, বিশ্বনাথত ১ টা আৰু নগাঁৱত ১ টা বনশিৱিৰ স্থানান্তৰ কৰিব লগা হৈছে৷ ইফালে, উদ্যানৰ জলস্তৰ বৃদ্ধিৰ লগে লগে আশ্ৰয় বিচাৰি উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে গঁড়, হাতী, বাঘ, ম’হ, হৰিণ আদিকে ধৰি বন্যপ্ৰাণীসমূহ ৷

লগতে পঢ়ক:বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি

বিভাগীয়ভাৱে জনোৱা মতে, বানৰ এনে পৰিস্থিতিত উৱাদিহ হেৰুওৱা ২৪ টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ বিপৰীতে বানত বুৰি ৪ টাকৈ পহুৰ মৃত্যু হৈছে ৷ আনহাতে, কাজিৰঙাৰ ৰাজপথৰ এনিমেল ক’ৰিডৰসমূহত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰাৰ লগতে ঠায়ে ঠায়ে বনকৰ্মীয়ে টহল দি আছে ৷

তদুপৰি, কাজিৰঙাৰ ঘাইপথত যাত্ৰীবাহী আৰু ব্যক্তিগত বাহনসমূহক আৰক্ষী আৰু বন বিভাগৰ লোকে কনভয় ব্যৱস্থাৰে অতিক্ৰম কৰোৱাৰ ব্যৱস্থা কৰিছে ৷ ইপিনে, কাজিৰঙাত বান পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি কাজিৰঙাৰ ৰাজপথত সংঘটিত হয় অঘটন ৷ বানৰ সময়ত যান-বাহন নিৰ্দেশনা অনুসৰি ৰাজপথ অতিক্ৰম কৰি থকা দুখনকৈ বাহনৰ ওপৰত উভাল খাই পৰিল এজোপা প্ৰকাণ্ড গছ ৷ কাজিৰঙাৰ হাৰমতিত সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে, আজি বিয়লি ৩৭ নং ঘাইপথেৰে কনভয় কৰি গৈ থকা অৱস্থাত এ এচ ০১ ই ৱাই ৫৪৫৭ আৰু এ এচ ০১ বি পি ৩৭৬৮ নম্বৰৰ চুইফট বাহন দুখনৰ ওপৰত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ ৷ ফলত বাহন দুখনৰ আৰোহী কম-বেছি পৰিমাণে আহত হয় ৷ আনহাতে গছ বাগৰি পৰা ফলত ৰাজপথত যানজঁটৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:তেজপুৰত বানৰ মাজতে বন্যহস্তীৰ ত্ৰাস : ছটা বনৰীয়া হাতীৰ অৱস্থান

ABOUT THE AUTHOR

...view details