অসম

assam

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 4:41 PM IST

ETV Bharat / state

ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ হ’ব শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ - Kanaklata Baruah University

Bholaguri Tea Estate : গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কিছুদিনৰ ভিতৰতে কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গহপুৰত প্ৰকাশ কৰে ৷

KANAKLATA BARUAH UNIVERSITY
ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব কনকলতা বৰুৱা বিশ্ববিদ্যালয় (ETV BHARAT ASSAM)

বিশ্বনাথ, 21 জুন : ঐতিহাসিক ভোলাগুৰি চাহ বাগিচাত স্থাপন হ’ব প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় ৷ শুকুৰবাৰে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত চাহ বাগিচাখনৰ 600 বিঘা ভূমিত নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ গহপুৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল স্বাধীনতা সংগ্ৰামী, শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয়ৰ স্থাপন কৰা ৷ সকলো ঠিকে থাকিলে কিছুদিনৰ ভিতৰতে অসম চৰকাৰে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ শুভৰাম্ভণি কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গহপুৰত প্ৰকাশ কৰে ৷

ভোলাগুৰি চাহ বাগিচাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

ইফালে বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত কিছু চৰকাৰী ভূমিত বাগিচাখনৰ প্ৰায় 200 টা পৰিয়াল দীৰ্ঘদিন ধৰি বসবাস কৰি থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ এই 200 টা পৰিয়ালক পুনৰসংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয় শ্ৰমিক সংগঠন, আছা, আটছাৰ লগতে শ্ৰমিকসকলৰ সৈতে আলোচনা কৰি সমাধানৰ চেষ্টা কৰা হ'ব বুলি কয় ৷ এই সন্দৰ্ভত আজি প্ৰথম স্থানীয় দল-সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰাৰ লগতে আন এখন আলোচনা সভা অনুষ্ঠিত কৰি সকলোৰে সহমত হ'লে, সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব পৰা যাব বুলি কয় ৷

লগতে পঢ়ক :তেজপুৰত যোগ দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ - International Yoga Day 2024

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ বাবে ইতিপূৰ্বে 500 কোটি টকা আৱন্টন দিছে ৰাজ্য চৰকাৰে ৷ এই বিশ্ববিদ্যালয়খনে উত্তৰ অসমৰ শৈক্ষিক দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজি এই পৰিদৰ্শনৰ সময়ত শোণিতপুৰ লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ ৰঞ্জিত দত্ত, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে বিধায়ক উৎপল বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক :শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী : গহপুৰত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details