গুৱাহাটী, ২১ আগষ্ট : বিদ্যুতৰ মাচুল সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি এতিয়া ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ৷ ৰাজ্যজোৰা ক্ষোভৰ উমান পাই স্মাৰ্ট মিটাৰক লৈ খেলিমেলি হ’লে স্মাৰ্ট মিটাৰ উঠাই দিম বুলি ক’বলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পিচত পূৰ্বতকৈ বহু বেছি পৰিমাণত জনসাধাৰণে বিদ্যুৎ মাচুল ভৰিব লগা বুলি চাৰিওফালে ব্যাপক প্ৰতিবাদ অব্যাহত আছে ৷ তাৰ লগতে, ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ বাতিল কৰিবৰ বাবে দাবী উত্থাপন হৈছে ৷ এই মিটাৰসমূহৰ লগত সাঙুৰ খাই পৰিছে আদানী গ্ৰুপৰ নামো ।
স্মাৰ্ট মিটাৰৰ লগত মেনুৱেল মিটাৰ স্থাপনৰে পৰীক্ষাৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ :
বদনামী হোৱা স্মাৰ্ট মিটাৰৰ উচ্চ মাচুল বিতৰ্কৰ কেৰোণ উলিয়াব মুখ্যমন্ত্ৰীয়ে । স্মাৰ্ট মিটাৰক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ মন্তব্য- “স্মাৰ্ট মিটাৰক লৈ খেলিমেলি হ'লে স্মাৰ্ট মিটাৰ উঠাই দিম ৷ কিন্তু বিসংগতি যে আছে সেয়া প্ৰমাণিত হ’ব লাগিব । ইয়াৰ বাবে স্মাৰ্ট মিটাৰৰ সমান্তৰালভাৱে মেনুৱেল মিটাৰ সংস্থাপন কৰি প্ৰয়োজনত পৰীক্ষা কৰা হ'ব ৷ যদি দেখা যায় যে স্মাৰ্ট মিটাৰত পুৰণি মিটাৰতকৈ বেছি মাচুল আহিছে, তেতিয়া সিদ্ধান্ত লোৱা হ’ব ৷”