গুৱাহাটী :নিৰ্বাচনী হিংসাই উত্তপ্ত কৰি তুলিছে চামগুৰি সমষ্টিৰ পৰিৱেশ । অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন । ইয়াৰ ভিতৰত কংগ্ৰেছৰ দুৰ্গ ৰূপে প্ৰতিষ্ঠিত চামগুৰি সমষ্টিটো উপনিৰ্বাচন অনুষ্ঠিত হ'ব ।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষকৈ চামগুৰি সমষ্টি নিৰ্বাচনী হিংসাৰে উত্তপ্ত হৈ পৰিছে । যোৱানিশা নিৰ্বাচনী হিংসাই চৰম পৰ্যায় পাই আৰু সংঘটিত হয় গুলীচালনাৰ ঘটনা ।
বিজেপি বিধায়ক জিতু গোস্বামীৰ বাহনক লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীচালনাৰ ঘটনা সংঘটিত কৰে । এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে গুলীচালনাৰ এই ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্রীয়ে কয়, "বিধায়ক জিতু গোস্বামীক চামগুৰিত কংগ্ৰেছৰ সমৰ্থকে কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছো । এই একেই কংগ্ৰেছে সংবিধান সুৰক্ষা তথা সংবিধানক গৌৰৱেৰে মানি চলাটো দেখুৱায় । অথচ তেওঁলোকে আমাৰ কাৰ্যকৰ্তাসকলক আন্ধাৰৰ সুযোগ লৈ আক্ৰমণ কৰি হিংসাৰ আশ্ৰয় লৈছে আৰু সংবিধান উলংঘা কৰিছে । প্ৰকৃত প্ৰশ্নটো হ’ল, এই উপ-নিৰ্বাচনতে কংগ্ৰেছে ইমান ভয় খাইছে কিয় ?"