গুৱাহাটী:জাপান আৰু দক্ষিণ কোৰিয়াত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দুশৰো অধিক উদ্যোগপতিক সাক্ষাৎ কৰাৰ লগতে ৪১ খন সভা অনুষ্ঠিত কৰে । এই কথা সদৰী কৰে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে নিশা ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ পৰা সামাজিক মাধ্যমযোগে বিদেশ ভ্ৰমণৰ লগতে বিভিন্ন প্ৰসংগত মুখ্যমন্ত্রীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
- বিদেশ ভ্ৰমণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রীয়ে :
জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "দুদিন জাপান আৰু দুদিন দক্ষিণ কোৰিয়াত থাকিলেও ৰাষ্ট্ৰ দুখন চোৱাৰ মোৰ সৌভাগ্য নহ'ল । কাৰণ কাৰ্যসূচীৰ যথেষ্ট ব্যস্ততা আছিল । দুয়োখন দেশৰ দুশজনতকৈয়ো অধিক উদ্যোগ জগতৰ লগত জড়িত উচ্চস্তৰৰ উদ্যোগপতিক সাক্ষাৎ কৰিলো আৰু ৪১ খন মিটিং আমি কৰিলো । জাপান আৰু দক্ষিণ কোৰিয়া চৰকাৰৰ পাঁচগৰাকী মন্ত্রীক সাক্ষাৎ কৰিলো । জাপানৰ সদনৰ অধ্যক্ষগৰাকীক তেখেতৰ বাসভৱনত সাক্ষাৎ কৰিলো । তিনিটা ৰোড শ্ব' আমি কৰিলো ।"
তেওঁ লগতে কয়, "আনহাতে তাৰ মাজতে মাইক্ৰনৰ দৰে ছেমি কণ্ডাক্টৰ আৰু আন দুটা উদ্যোগ আমি চাবলৈ সক্ষম হ'লো । জাপান আৰু দক্ষিণ কোৰিয়াত থকা সময়ত আমি অসমৰ বিষয়ে বহু কথা তেওঁলোকক ক'লো । আগতে অসমৰ কাহিনী কোনেও কোৱা নাছিল । মই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী ড৹ জয়শংকৰক ধন্যবাদ জনাম । তেখেতে আমাৰ ৰাষ্ট্ৰদূতসকলক নিৰ্দেশ দিছিল যে অসমৰ মুখ্যমন্ত্রীৰ বাবে যিমান পাৰো উদ্যোগপতিসকলৰ লগত সভা আৰু ৰোড শ্ব' অনুষ্ঠিত কৰি দিব লাগে । মই আশা কৰো এই ভ্ৰমণে অসমলৈ সুখবৰ কঢ়িয়াই আনিব ।"
ইয়াৰো পৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "এডভাণ্টেজ অসমৰ সময়ত অসমে বহুকেইটা ভাল খবৰ লাভ কৰে তাৰ বাবে আমি চেষ্টা কৰি আছো । অহা ৬ ফেব্ৰুৱাৰীত জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ আহিব । য'ত জাপানৰ ৰাষ্ট্ৰদূত থাকিব । অসমত জাপানৰ বাবে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ প্ৰয়োজনীয়তা জাপানৰ উদ্যোগপতি সকলে মোৰ আগত দোহাৰিছিল । আমিও এইক্ষেত্রত বিবেচনা কৰিম । যাতে অসমত জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন আমি নিৰ্মাণ কৰিব পাৰোঁ । অসমত এডভাণ্টেজ আসাম কনক্লেভ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।
ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ সন্দৰ্ভত তেওঁ কয়, "২৪ ফেব্ৰুৱাৰীত সামূহিক ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী এডভাণ্টেজ আসাম সন্মিলনত উপস্থিত থাকিব আৰু ঝুমুৰ নৃত্যও উপভোগ কৰিব । আমি অসমত বিনিয়োগৰ বাবে যিমান পাৰো চেষ্টা কৰিছো ।"
- কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্রীৰ :
বিদেশ ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছ দলে মোৰ বিদেশ যাত্রাকলৈ প্ৰশ্ন কৰিছে । মই তেওঁলোকক এটা কথা বিনম্ৰতাৰে কওঁ যে বিদেশলৈ মই কেইবাবাৰো গৈছো আৰু বিদেশলৈ যাব পৰাৰ মোৰ নিজৰ ব্যৱস্থাও মই নিজে কৰি ল'ব পাৰো । কিন্তু মুখ্যমন্ত্রী হিচাপে কোনেও পৰ্যটন কৰিবলৈ নাযায় । সপোন এটাই থাকে যে ৰাজ্যখনৰ বাবে আমি কি কৰি যাব পাৰো । সেই সপোনৰ সন্ধান কৰিয়েই বিগত চাৰে তিনি বছৰে কাম কৰি আছো । সমালোচনা থাকিলেও মোৰ কামে সকলো প্ৰমাণ কৰিব ।"