গুৱাহাটী, ২ছেপ্টেম্বৰ:কংগ্ৰেছৰ শাসনত আৰম্ভ হোৱা টেট শিক্ষক নিযুক্তিৰ বহুত গোপন কথা ফাদিল কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত সোমবাৰে সমগ্ৰ শিক্ষাৰ অধীনত ২৩,৯৫০ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । এই অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী হিচাপে সন্মুখীন হোৱা কেতবোৰ অধ্যায় ফাদিল কৰে ।
কোনো ৰাজনৈতিক সমৰ্থন নাছিল:
টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"২০১৩ চনত অসমত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল । আগৰ যি শিক্ষক নিযুক্তিৰ যি ব্যৱস্থা আছিল সেয়া কুলষিত আৰু পংকিলতাৰে পৰিপূৰ্ণ আছিল । কংগ্ৰেছৰ শাসনত শিক্ষামন্ত্ৰী থাকোতে টেট শিক্ষক নিযুক্তি দিয়াৰ বাবে বলিষ্ঠভাৱে আগবাঢ়িছিলো । কিন্তু মোৰ লগত কোনো ৰাজনৈতিক সমৰ্থন নাছিল । নিজৰ চৰকাৰখনৰ ভিতৰতে সমালোচনাৰ সম্মুখীন হৈছিলো ।"
জমিয়তৰ অধ্যক্ষ আছাদ মাদানীয়ে কি কৈছিল :
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," ২০১২ চনত যেতিয়া টেট শিক্ষক নিযুক্তিৰ সিদ্ধান্ত লৈছিলো তেতিয়া দিল্লীৰ পৰা জমিয়তৰ অধ্যক্ষ আছাদ মাদানী অসমলৈ দৌৰি আহি অসমত টেট শিক্ষক নিযুক্তি বন্ধ কৰাৰ বাবে তদানীন্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক কৈছিল । মোৰ এতিয়াও মনত আছে সৰ্বশিক্ষা মিছন সঞ্চালকৰ কোঠাত ৰাজনৈতিক হেঁচাত এগৰাকী উচ্চপদস্থ আমোলাই কান্দিছিল । তেওঁ মোক অনুৰোধ কৰিছিল যে ছাৰ টেট শিক্ষক নিযুক্তি বন্ধ কৰি মোৰ চাকৰিটো বচাওক ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ নাম নোলোৱাকৈয়ে তেওঁক সমালোচনা কৰি কয়," বৰ্তমান বিধানসভাত হুলস্থূল কৰি থকা এগৰাকী নিৰ্দলীয় বিধায়কে তেতিয়া কৈছিল যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থকালৈহে টেট শিক্ষকৰ চাকৰি থাকিব । তাৰ পিছত নাথাকে । মই কোনো ৰাজনৈতিক মুনাফা আদায়ৰ বাবে টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাছিলো ।"