অসম

assam

ETV Bharat / state

নামভৰ্তিৰ নামত লোৱা ধন ঘূৰাই দিব লাগিব মহাবিদ্যালয়ে : মুখ্যমন্ত্রী - Pragyan Bharati scheme

Free education in Assam: শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ নামত লোৱা ধন ঘূৰাই দিব লাগিব মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ দুই-এদিনৰ ভিতৰতে শিক্ষাৰ্থীৰ পৰা লোৱা টকা ওভতাই দিয়াৰ নিৰ্দেশ । উপাচাৰ্য-অধ্যক্ষক সন্মুখত বহুৱাই মুখ্যমন্ত্ৰীৰ দীঘলীয়া ভাষণ । সৰৱ হোৱাৰ উপৰি দিলে নীতিশিক্ষাও ৷

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 5:07 PM IST

Free education in Assam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১০ জুলাই : ‘‘ বিনামূলীয়া মানে বিনামূলীয়া । ইয়াত এটকাও লোৱাৰ কথা নাই । চৰকাৰে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবে টকা দিয়াৰ পিচতো কিয় ৬০০ টকাকৈ ল’ব লাগে ? মহাবিদ্যালয়ৰ অধ্যক্ষসকল পৌৰ নিগমৰ দৰে কৰ সংগ্ৰহকাৰী নহয় ।’’ - এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বুধবাৰে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ কৰা হয় । প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ ৩৪৯ খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ এই ধন আগবঢ়োৱা হয় । ইয়াৰ দ্বাৰা উপকৃত হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৯৪৮৩৮ গৰাকী । এই শিক্ষাৰ্থীসকলৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ অসম চৰকাৰে ব্যয় কৰিছে ৬৮.৪৪ কোটি টকা ।

বিনামূলীয়া নামভৰ্তিৰ দ্বিতীয় পৰ্যায়ৰ ধন চৰকাৰে ছেপ্টেম্বৰ মাহত আদায় দিব । বিগত বৰ্ষত ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৯৮৬৩৩ গৰাকী শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ প্ৰায় ১০৪ কোটি টকা ব্যয় কৰিছিল । আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি চৰকাৰে ধন দিয়াৰ পিচতো একাংশ মহাবিদ্যালয়ে শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ নামত ৬০০ টকাকৈ লোৱাক লৈ সৰৱ হৈ পৰে ।

লগতে পঢ়ক:PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয়

ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ উপৰি বিশ্ববিদ্যালয়কেইখনৰ উপাচাৰ্যসকলক সন্মুখত বহুৱাই মুখ্যমন্ত্ৰী কেতবোৰ বিষয়ত সৰৱ হৈ পৰাৰ লগতে আন কেতবোৰ প্ৰসংগত নীতিশিক্ষা প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ পৰা ৬০০ টকাকৈ সংগ্ৰহ কৰাৰ সন্দৰ্ভত অধ্যক্ষসকলক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি সেই টকা শিক্ষাৰ্থীসকলক উভতাই দিয়াৰ বাবে আহ্বান জনায় ৷ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া মানে সম্পূৰ্ণ বিনামূলীয়াই হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

৬০০ টকাকৈ শিক্ষাৰ্থীৰ পৰা লোৱা সংশ্লিষ্ট মহাবিদ্যালয়ৰ অধ্যক্ষক প্ৰয়োজনত সেই টকা মুখ্যমন্ত্ৰীৰ পৰা বিচৰাৰ বাবে আহ্বান জনায় ড৹ শৰ্মাই । অধ্যক্ষ আৰু শিক্ষাৰ্থীৰ মাজত সুসম্পৰ্ক গঢ় লৈ উঠাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ পৰা ৬০০ টকাকৈ লোৱাৰ বাবে মঙলবাৰে পূব বংশৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰাৰ কথাও উল্লেখ কৰে ।

মহাবিদ্যালয়ৰ অধ্যক্ষ এজনক বুজোৱাৰ সাহস আছে জানো বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী নিৰ্দেশ পালন কৰাটো অধ্যক্ষসকলৰ দায়িত্ব । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ আমাৰ বুজোৱাৰ কাম নহয়, বুজনি লোৱাটোও আপোনালোকৰ কাম নহয় । একাংশ অধ্যক্ষই ফীজ লৈ আনন্দ পায় ৷ এনে মানসিকতা পৰিহাৰ কৰা উচিত ৷’’

লগতে পঢ়ক:পি আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ ওলোটা খৰক লৈ ভূপেন বৰাৰ তীব্ৰ সমালোচনা

একাংশ কলেজত অধ্যক্ষই ঠিকাভিত্তিত কেবাজনো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে ফেকাল্টি নিযুক্তি দি ৰাখিছে আৰু তেওঁলোকৰ দৰমহা শিক্ষাৰ্থীৰ ফীজৰ যোগেদি দিয়ে বুলি কয় মুখ্যমন্ত্ৰীয়ে । কিন্তু এই নিযুক্তি চৰকাৰৰ অজ্ঞাতে কৰে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে চৰকাৰ জগৰীয়া নহয় ৷ কোনো কাৰণতে শিক্ষাৰ্থীৰ পৰা ফীজ লৈ তেওঁলোকক দৰমহা দিব নোৱাৰিব বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে অধ্যক্ষসকলক দুই-এদিনৰ ভিতৰে শিক্ষাৰ্থীসকলক ৬০০ টকা উভতাই দিয়াৰ বাবে নিৰ্দেশ দিয়ে ।

শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে টকা ল’ব নোৱাৰিব বুলি উল্লেখ কৰি টকা উভতাই দিয়াৰ বিষয়টো জিলা আয়ুক্তসকলে চোৱাৰ উপৰি মুখ্যমন্ত্ৰীয়ে নিজে দৃষ্টি ৰাখিব বুলি কয় । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শিক্ষাৰ্থীৰ কল্যাণৰ বাবে চৰকাৰে বহুকেইখন আঁচনি লৈছে ৷ এই আঁচনিসমূহ হৃদয়ংগম কৰি শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ বাবে উপাচাৰ্য আৰু অধ্যক্ষসকলৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷

প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে কটন মহাবিদ্যালয়ত অধ্যয়নৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰে । যিবোৰ অভিজ্ঞতাৰে শিক্ষাৰ্থীৰ কল্যাণৰ বাবে আজি চৰকাৰত থাকি কিছুমান আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে ৷ চৰকাৰে শিক্ষাৰ্থীৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ বাবদ এহেজাৰ কোটি টকা ব্যয় কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয় নাইবা মহাবিদ্যালয়ৰ পৰা চৰকাৰে এটকাও নলয় । মাচুল মহাবিদ্যালয়ে বৃদ্ধি কৰে আৰু বদনাম চৰকাৰ হয় বুলি কয় ড৹ শৰ্মাই ।

পেপাৰত ডাঙৰ ডাঙৰ প্ৰৱন্ধ লিখা অধ্যাপকসকলে চৰকাৰৰ বিৰুদ্ধে মিছাকৈ বাতৰি প্ৰকাশ পালে সম্পাদকলৈ এখন পত্ৰ লিখিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয় যে নেতিবাচক খবৰ আৰু চিন্তা-চৰ্চাৰ যোগেদি অশান্ত যুৱশক্তিৰ সৃষ্টি হয় । ই কেৱল চৰকাৰৰ বাবেই নহয়, ৰাজ্যখনৰ বাবে বেয়া । সমাজৰ ক্ষতি হয় । অসমে বহুদিনৰ পিচত শান্তিৰ পৰিৱেশ পাইছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অশান্ত যুৱশক্তিৰ সৃষ্টি নকৰি সৌম্য-শান্তিৰ যুৱশক্তি নিৰ্মাণ কৰিব পাৰিলে ৰাজ্যৰ ভাল হ’ব । অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিশ্ববিদ্যালয়কেইখনৰ উপাচাৰ্যৰ লগতে কেবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ উপস্থিত আছিল ।

লগতে পঢ়ক:দৰমহা বঢ়াব নালাগে বিধায়কৰ; এয়া জনবিৰোধী বুলি ক’লে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details