গুৱাহাটী, 17 জুন:সোমবাৰৰপুৱাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পশ্চিমবংগৰ দাৰ্জিলিং জিলাত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে 15 গৰাকী যাত্ৰীয়ে ৷ আহত হৈছে প্ৰায় 60 গৰাকীকৈ লোক ৷
অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই এই ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে, ইতিমধ্যে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা-বতৰা পাতিছে ৷ ৰে’লখনত থকা অসমৰ যাত্ৰীসকলক লৈ চিন্তিত মুখ্যমন্ত্ৰীয়ে অসমৰ বিষয়াসকলক ৰে’ল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰখাৰ নিৰ্দেশ দিছে ৷
লগতে পঢ়ক:কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ; 15 জনৰ মৃত্যু - KANCHANJUNGHA EXPRESS ACCIDENT
দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন যিহেতু ত্ৰিপুৰাৰ পৰা অসম হৈ পশ্চিমবংগলৈ যাত্ৰা কৰিছিল, সেইবাবে ৰে’লখনত অসমৰ বহুসংখ্যক যাত্ৰী থকাৰ সম্ভাৱনা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ অসম চৰকাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো সহায় কৰাৰ বাবে সাজু বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল :
উল্লেখ্য যে, এই ৰে’ল দুৰ্ঘটনাত নিহত-আহতৰ সন্দৰ্ভত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই সদৰী কৰা নাই কোনো সবিশেষ তথ্য ৷ ইতিমধ্যে সংঘটিত এই দুৰ্ঘটনাৰ বাবে বাতিল কৰিবলগীয়া হৈছে বহুকেইখন ৰে’লৰ যাত্ৰা ৷
সোমবাৰে যাত্ৰা বাতিল হোৱা ৰে’লকেইখন হৈছে ক্ৰমে -
- ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছ
- আগৰতলা-ৰাণী কমলাপতি বিশেষ ৰে’ল
- গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ
আনহাতে, মঙলবাৰে যাত্ৰা বাতিল হোৱা ৰে’লকেইখন হৈছে ক্ৰমে -
- কামাখ্যা-আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ
- কামাখ্যা-গয়া এক্সপ্ৰেছ
- ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ
- নিউ তিনিচুকীয়া-তামবাৰাম এক্সপ্ৰেছ
- ডিব্ৰুগড়-কামাখ্যা-পুৰী এক্সপ্ৰেছ
- গুৱাহাটী-জন্মু লোহিত এক্সপ্ৰেছ
- কামাখ্যা-দিল্লী ব্ৰহ্মপুত্ৰ মেইল
উল্লেখ্য যে, ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ দুৰ্ঘটনাগ্ৰস্ত ৰে’লৰ দবাটো ৰে’লপথৰ পৰা আঁতৰোৱাৰ কাম সম্প্ৰতি চলি আছে ৷
লগতে পঢ়ক:Odisha train tragedy: কিয় হ’ল দুৰ্ঘটনা ? যান্ত্ৰিক বিজুতি নে ৰে’ল কৰ্মীৰ ভুল ?