অসম

assam

ETV Bharat / state

হাওৰাত কাম কৰিবলৈ গৈ কিছুলোকে কলেৰাৰ বীজাণু কঢ়িয়াই আনিছে ডিব্ৰুগড়লৈ : মুখ্যমন্ত্ৰী - Cholera Cases in Dibrugarh

Cholera in Jaipur Tea Estate : ডিব্ৰুগড়ৰ জয়পুৰ চাহ বাগিচাত কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ দুজনৰ মৃত্যুৰ বিপৰীতে 75 গৰাকী আক্ৰান্ত এই ৰোগত ৷ এই ৰোগৰ উৎস সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

Cholera in Jaipur Tea Estate
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:39 PM IST

মৰাণ, ১৪ জুন: ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত শেহতীয়াকৈ কলেৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বাগিচা এলেকাত এজনৰ পাচত আন এজন লোক আক্ৰান্ত হৈছে এই ৰোগত । এমাহ পূৰ্বে জিলাখনৰ মোকালবাৰী চাহ বাগিচাত দুজন লোকৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু হৈছিল । লগতে জয়পুৰ চাহ বাগিচাত চলিত সপ্তাহৰ ভিতৰত ৭৫ জন কলেৰাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে দুজনৰ মৃত্যু হৈছে । শুকুৰবাৰে ডিব্ৰুগড়ত ভয়ংকৰ ৰূপ লোৱা কলেৰাৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, "স্বাস্থ্য বিভাগৰ তৎপৰতাত ৪-৫ দিনৰ ভিতৰত এই ৰোগ নিয়ন্ত্ৰণলৈ আহিব ।"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

আজি ডিব্ৰুগড়ৰ নামৰূপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ডিব্ৰুগড়ত আৰম্ভ হোৱা কলেৰাক লৈ পৰ্যালোচনা কৰা হৈছে । ডিব্ৰুগড়ৰ কলেৰা ৰোগীৰ সম্পৰ্ক আছে বহিঃৰাজ্যৰ সৈতে । ডিব্ৰুগড়ৰ চাহ বাগিচাৰ কিছুলোকে পশ্চিম বংগৰ হাওৰাত কাম কৰিবলৈ গৈ এই ৰোগৰ বীজাণু কঢ়িয়াই আনিছে । ইয়াৰ পৰাই চাহ বাগিচা সমূহত কলেৰাৰ প্ৰাদুৰ্ভাৱ হৈছে ।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় লগতে কয়, "স্বাস্থ্য বিভাগে জনোৱা মতে আজি পৰ্যন্ত ডিব্ৰুগড়ত চাৰিজন লোকৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু হৈছে । কলেৰাৰ প্ৰাদুৰ্ভাৱ হোৱা চাহ বাগিচা সমূহৰ পানী পৰিস্কাৰ কৰা হৈছে । পৰিস্কাৰ পানী ব্যৱহাৰ কৰা হৈছে । স্বাস্থ্য বিভাগৰ তৎপৰতাত ৪-৫ দিনৰ ভিতৰত এই ৰোগ নিয়ন্ত্ৰণলৈ আহিব ।"

ইপিনে, মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী চিকিৎসালয় সমূহত ঔষধৰ নাটনিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "লোকসভা নিৰ্বাচনৰ বাবে ব্যৱস্থাপনাত অলপ খেলিমেলি হৈছিল । অহা এমাহৰ ভিতৰত সকলো ব্যৱস্থা হৈ উঠিব ।" ৰাজ্যখনলৈ এক স্বাভাৱিক পৰিবেশ আহিব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক:জয়পুৰ চাহ বাগিচাত কলেৰা ৰোগৰ ভয়ংকৰ ৰূপ, দুজনৰ মৃত্যু - Cholera Cases increase in Dibrugarh

Cholera: আওকাণ নকৰিব এই লক্ষণসমূহ, হ'ব পাৰে কলেৰা

ABOUT THE AUTHOR

...view details