অসম

assam

ETV Bharat / state

প্ৰিমিয়াম বেছি আছিল বাবে বসুন্ধৰা ২.০ ত মানুহে মাটি পোৱাৰ পিছতো মাটি লোৱা নাছিল: হিমন্ত বিশ্ব শৰ্মা - CM HIMANTA BISWA SARMA

মিছন বসুন্ধৰা ৩.০ ত বহুখিনি শিথিলতা । বহু জটিলতা দূৰ কৰাৰ লগতে হ্ৰাস কৰা হৈছে প্ৰিমিয়াম । অক্টোবৰ মাহত মুকলি কৰা হৈছিল বসুন্ধৰা ৩.০ ।

CM Himanta Biswa Sarma comments on Mission Bashundhara 3.0
মিছন বসুন্ধৰা ৩.০ ত বহুখিনি শিথিলতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 7:23 PM IST

গুৱাহাটী:খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰে মুকলি কৰা বসুন্ধৰা ৩.০ ত এইবাৰ বহুখিনি শিথিলতা অনা হৈছে । বসুন্ধৰা ২.০ৰ বহু জটিলতা দূৰ কৰি আৰু প্ৰিমিয়ামৰ হ্ৰাস কৰি বসুন্ধৰা ৩.০ ত খিলঞ্জীয়াক ভূমিৰ পট্টা দিয়াৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । বসুন্ধৰা ২.০ত বহু লোকে আবেদন কৰিও ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে নগৰ-চহৰত প্ৰিমিয়ামৰ হাৰ বহু বেছি হোৱাত বহু লোকে পট্টাৰ বাবে আবেদনেই কৰা নাছিল । যাৰ বাবে বসুন্ধৰা ২.০ এক কথাত আশা কৰা ধৰণে সফল হোৱা নাছিল । বসুন্ধৰা ২.০ৰ এনে ব্যৰ্থতাৰ বাবেই চৰকাৰে বহুখিনি নতুনত্ব আনি বিগত অক্টোবৰ মাহত মুকলি কৰে বসুন্ধৰা ৩.০ ।

কি আছে বসুন্ধৰা ৩.০ ত:

মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে মিছন বসুন্ধৰা ২.০ ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বস্ত থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, বন্দোৱস্তি নোহোৱা পূৰ্বৰ ভূদান/গ্ৰামদান ভূমিৰ বন্দৱস্তি প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, চাহ অনুদান/গ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

মিছন বসুন্ধৰা ৩.০ ত বহুখিনি শিথিলতা (ETV Bharat Assam)

সেইদৰে মিছন বসুন্ধৰা ২.০ৰ অধীনৰ সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টা, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান (গ্ৰামাঞ্চল) আৰু খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টা সেৱা জনসাধাৰণৰ বাবে মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে উপলব্ধ কৰা হৈছে । তদুপৰি মিছন বসুন্ধৰা ৩.০ৰ অধীনত ২০২১ চনৰ ১ অক্টোবৰৰ পূৰ্বে গ্ৰামাঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি আছে তেনে প্ৰতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হৈছে ।

ভূদান বা গ্ৰামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা হৈছে বসুন্ধৰা ৩.০ আঁচনিত । স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তিৰো ব্যৱস্থা কৰা হৈছে । নগৰ অঞ্চলৰ ৰায়তীসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে । মাটিৰ শ্ৰেণী পৰিৱৰ্তনত শিথিলতা অনা হৈছে । বসুন্ধৰা ৩.০ৰ যোগেদি সকলোকে একচনীয়া পট্টাৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

পট্টা লাভৰ বাবে হ্ৰাস কৰা হৈছে প্ৰিমিয়ামৰ পৰিমাণ :

বসুন্ধৰা ২.০ত নগৰাঞ্চলসমূহত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰাৰ পিছতো প্ৰিমিয়ামৰ বাবে প্ৰায়সংখ্যক লোকেই এই সুবিধা গ্ৰহণ কৰিব পৰা নাছিল । যাৰ বাবে বসুন্ধৰা ৩.০ত প্ৰিমিয়ামৰ পৰিমাণ হ্ৰাস কৰা হয় । প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ বিপৰীতে প্ৰিমিয়াম ১০ শতাংশ কৰা হয় । আনহাতে অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিয়াৰ ব্যৱস্থা কৰা হয় ।

পট্টাৰ পিছত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্রত কঠোৰ চৰকাৰ :

বসুন্ধৰা ৩.০ৰ যোগেদি প্ৰিমিয়াম হ্ৰাস কৰা হয় যদিও পট্টা লাভৰ পিছত মাটি বিক্ৰী কৰিলে দিব লাগিব অধিক প্ৰিমিয়াম । অট্টালিকা থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে আঞ্চলিক মূল্যাংকন ৪০ শতাংশ আৰু অসম আৰ্হিৰ ঘৰ থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে ২৭ শতাংশ পঞ্জীয়নৰ সময়ত দিব লাগিব । মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে আৱণ্টন লাভ কৰাসকলৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে ।

মাটিৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্রত প্ৰিমিয়াম বেছি থকাৰ কাৰণ ক'লে মুখ্যমন্ত্রীয়ে :

ভূমিৰ পট্টা লাভৰ ক্ষেত্রত প্ৰিমিয়াম হ্ৰাস কৰা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় - "গুৱাহাটী আৰু নগৰত প্ৰিমিয়াম বহুত বেছি । যাৰ বাবে বসুন্ধৰা ২.০ত মানুহে মাটি পোৱাৰ পিছতো মাটি লোৱা নাছিল । কাৰণ প্ৰিমিয়াম বেছি আছিল । আগতে যদি ১০০ টকা যদি প্ৰিমিয়াম হয় তেন্তে আমি ৩০ শতাংশ লৈছিলো । আৰ চি চি ঘৰ থাকিলে আমি ৫০ শতাংশ লৈছিলোঁ । অৰ্থাৎ ১০ লাখ প্ৰিমিয়াম হ'লে আমাক ৩ লাখ আৰু ৫ লাখ দিবলগীয়া হৈছিল । মধ্যবিত্ত তথা নিম্ন মধ্যবিত্তৰ ইমান পইচা নাথাকে । যাৰ বাবে বসুন্ধৰা ২.০ত বহুতে মাটি লোৱা নাছিল ।"

তেওঁ লগতে কয়,"যাৰ বাবে আমি বসুন্ধৰা ৩.০ত নিয়ম কৰিলো যে এতিয়া ১০ শতাংশ দিব লাগিব । কিন্তু বিক্ৰী কৰিলে তেতিয়া আমাক বাকী ২০ শতাংশ দিব লাগিব । কাৰণ বিক্ৰী কৰিলে আয় হ'ব । এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি মাটি বিক্ৰীটো বাধা দিব পাৰিম । কাৰণ আমি থলুৱা মানুহক মাটি দিছোঁ । ১৯৫১ চনৰ জন্মৰ প্ৰমাণ পত্র থকা মানুহক দিছো । নগৰৰ মাটি কিনাৰ বহুত মানুহৰ প্ৰৱনতা থাকে ।"

মিছন বসুন্ধৰাৰ কিছু আভাস :

২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল । মিছন বসুন্ধৰা ১.০ত ৮,১৩,৯৮১ খন ভূমি সংক্ৰান্তীয় আৱেদন নিষ্পত্তি কৰা হৈছিল । প্ৰথম পৰ্যায়ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰী, দলিলসূত্ৰে নামজাৰী, বিবাদহীন বাটোৱাৰা, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল স্বত্ব নথকা পট্টাদাৰৰ নাম কৰ্তন, ম্যাদী পট্টাৰ আৱণ্টন পত্ৰ, লিগেছি ডাটাৰ অদ্যৱধিকৰণ আৰু পট্টাদাৰৰ মোবাইল নম্বৰ সংলগ্নকৰণ সেৱাক সামৰি লোৱা হৈছিল ।

মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত প্ৰায় ১২ লাখ লোকে আৱেদন কৰিছিল । আনহাতে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ হৈছিল । মিছন বসুন্ধৰা ২.০ৰ অধীনত ডিজিটেল মাধ্যমেৰে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টা, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টা, খিলঞ্জীয়া লোকক চাহ, কফি, ৰবৰ আদি বিশেষ খেতিৰ বাবে ভূমি পট্টা, গাঁৱলীয়া চৰণীয়া পথাৰ, বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আবণ্টন প্ৰাপ্ত, সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টা দিয়া হৈছিল ।

এই সংস্কৰণত জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ সেৱা আগবঢ়োৱা হৈছিল । মিছন বসুন্ধৰা ২.০ৰ আটাইতকৈ ডাঙৰ সফলতা আছিল যে ২,২৯,৬৫৯ জনক ভূমিৰ আবণ্টন দিয়া হৈছিল । মিছন বসুন্ধৰা ২.০ত ১৯৫১ চনৰ প্ৰমাণপত্ৰ থকাৰ প্ৰয়োজনীয়তা থকা বাবে বহু আৱেদন নিষ্পত্তিবিহীনভাৱে পৰি ৰৈছিল । মিছন বসুন্ধৰা ২.০ৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা আৰু বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আবণ্টন দিয়া হৈছিল ।

মিছন বসুন্ধৰা ৩.০ত আইনৰ সংশোধন :

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ বাবে কেইবাখনো আইনৰ সংশোধন, কেইবাটাও প্ৰযুক্তিৰ প্ৰয়োগ আৰু চৰকাৰী নিৰ্দেশনাৰ পৰিৱৰ্তন অনা হৈছিল । অসম বিধানসভাত চাৰিখন আইনৰ সংশোধন কৰিবলগীয়া হৈছিল । ১৯৫১ চনত যিসকল লোকৰ অসমত জন্ম হৈছিল আৰু নিৰন্তৰভাৱে তিনিটা প্ৰজন্ম অসমত আছে, তেওঁলোক মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হোৱাৰ ব্যৱস্থা কৰা হৈছে । মিছন বসুন্ধৰা ৩.০ত অনুসূচিত জনজাতি, অনুসূচিত জাতি, অসমৰ চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ কোনো লোকে ১৯৫১ চনৰ জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই । সেইদৰে ১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ আছে তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰাৰ ব্যৱস্থা কৰা হৈছে ।

বসুন্ধৰা সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া :

খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰৱৰ্তন কৰা বসুন্ধৰা আঁচনিখনক 'ধাপ্পাবাজী' আখ্যা দিয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্রবীণজ্যোতি কলিতাই । ইটিভি ভাৰতৰে হোৱা বাৰ্তালাপত তেওঁ কয়,"ভূমি পট্টাৰ নামত গুৱাহাটীৰ ৮৫ হাজাৰ পৰিয়ালৰ লগতে ৰাজ্যৰ ৪০ লাখ পৰিয়ালক প্ৰতাৰণা কৰি আহিছে ৰাজ্য চৰকাৰে । বসুন্ধৰাত ৰাজ্যৰ প্ৰায় ২০ লাখ লোকে আবেদন কৰিছিল যদিও প্ৰায় তিনি লাখ আবেদনহে যোগ্য হিচাপে বিবেচিত হয় ।

তেওঁ লগতে কয়,"গুৱাহাটী মহানগৰীত পাহাৰ-ভৈয়ামৰ প্ৰায় এক লাখ লোকে আবেদন কৰিছিল যদিও ৯৭ হাজাৰ আবেদনেই খাৰিজ কৰা হয় । আনহাতে যোগ্য হিচাপে বিবেচিত হোৱা বহুতে লাখ লাখ টকাৰ প্ৰিমিয়াম দি মাটিৰ পট্টা কৰিব নোৱাৰে । প্ৰকৃততে চৰকাৰখনে ৰাইজৰ পট্টা দিয়াৰ নামত প্ৰৱঞ্চনা কৰি আহিছে । এইবোৰ চৰকাৰৰ নিৰ্বাচনী চমক ।"

লগতে পঢ়ক:মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব: গুৱাহাটীৰ বঞ্চিত ৪৮ হেজাৰ আবেদনকাৰীয়ে পট্টা পাবনে ?

জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব

ABOUT THE AUTHOR

...view details