জোনাই, 7 ফেব্ৰুৱাৰী :আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠিব বৰলুইতৰ পাৰৰ বগীবিল দলঙৰ সমীপৰ মনোমোহা কাৰেং চাপৰি ৷ মিচিং যুৱ মহোৎসৱলৈ অসম চৰকাৰে আগবঢ়াব 1 কোটিকৈ টকা ৷ চাৰিদিনীয়া বৰ্নাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে বগীবিলৰ কাৰেং চাপৰিত অনুষ্ঠিত হোৱা নৱম মিচিং যুৱ মহোৎসৱত উপস্থিত থাকি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
টাকাম মিচিং পৰিণ কেবাঙৰ উদ্যোগত 4 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে, সকলো দিশৰ পৰা চহকী মিচিং সকলৰ যুৱ মহোৎসৱে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ শিপা বিচাৰি জনজাতীয় কলা-সংস্কৃতিক সংৰক্ষণ কৰা কাৰ্যৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে ৷ লগতে মিচিং মহোৎসৱক নতুন ৰূপ দিয়াৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷
একেদৰে এই মহোৎসৱৰ খাদ্য, সাজপাৰ, কলা-কৃষ্টিয়ে মিচিং যুৱ মহোৎসৱক অনন্য মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহিব পৰাকৈ যুৱ মহোৎসৱ পতাৰ কথাও উল্লেখ কৰে তেওঁ ৷ লোক কৃষ্টি, লোক কলাক জগত সভাত প্ৰতিষ্ঠা কৰাব পৰাকৈ পৰৱৰ্তী সময়ত এই মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে মত ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷ একদৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা তৰফৰ পৰা এই মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে বছৰি এক কোটি টকাকৈ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা-সংস্কৃতি, ভাষা-সাহিত্য যিমানেই সংৰক্ষণ কৰিব সিমানেই জাতিটোৰ উত্তৰণ ঘটিব ৷ মিচিং জনগোষ্ঠীক স্বীকৃতি দিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা বুলি উল্লেখ কৰি 1 জানুৱাৰীত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ কথা বিবেচনা কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে বগীবিলৰ সমীপৰ কাৰেং চাপৰিৰ 1,200 বিঘা সু-বিশাল ভূমিত প্ৰতিবছৰে মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে আন্তঃগাথঁনি নিৰ্মাণৰ কথা ঘোষণা কৰে তেওঁ ৷