গুৱাহাটী, ৪ অক্টোবৰ: সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত ভাৰত চৰকাৰৰ দ্বাৰা অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা । এই মৰ্যাদা লাভৰ লগে লগে দুৱাৰ মুকলি হ’ব অসমীয়া ভাষাৰ বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত বিকশিত জগতৰ সমান্তৰালভাৱে যুঁজ দিয়াৰ আন এক যাত্ৰা ৷ বিভিন্ন পৰ্যায়ত ব্যক্তি আৰু প্ৰতিষ্ঠান সাপেক্ষে কৰা নিৰলস প্ৰচেষ্টাৰ ফলশ্ৰুতিত অসমীয়া ভাষাক অৱশেষত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমতি জনালে কেন্দ্ৰীয় কেবিনেটে ৷
ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ ক্ষেত্ৰত বিশেষকৈ চৰ্চিত হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া আৰু অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ৷ কুলধৰ শইকীয়াৰ সভাপতিত্বকালত অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা লাভৰ বাবে সভাই আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । ২০২১ চনৰ ১৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়লৈ ৩৯৪ পৃষ্ঠাৰ এক প্ৰতিবেদন কুলধৰ শইকীয়াৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল ।
পৰৱৰ্তী সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ মাজেৰে ৩ অক্টোবৰ, ২০২৪ ত আহিল এই বহু আকাংক্ষিত খবৰটো ৷ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে দেশৰ আন ৪ টা ভাষাৰ লগতে অসমীয়া ভাষাৰ ধ্ৰুপদীৰ মৰ্যাদাত জনালে অনুমোদন ৷ বিশিষ্ট সাহিত্যিক কুল শইকীয়াৰ নেতৃত্বত অসম সাহিত্য সভাৰ এই প্ৰক্ৰিয়াত থকা অৱদানৰ কথা সৰ্বজনবিদিত । ড৹ শইকীয়াই এই প্ৰক্ৰিয়া প্ৰসংগত ৰাজহুৱাভাৱেও নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷
ধ্ৰুপদী যাত্ৰাপথৰ পৰিক্ৰমা: কি কয় কুলধৰ শইকীয়াই ?
অসমীয়া ভাষাৰ এই ঐতিহাসিক ক্ষণৰ মুহূৰ্তত ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ বাবে প্ৰস্তুতি আৰু পৰিক্ৰমাৰ বিষয়ে কুলধৰ শইকীয়াই সামাজিক মাধ্যমত তথ্য-প্ৰমাণসহ উল্লেখ কৰিছে । ধ্ৰুপদী যাত্ৰাপথৰ পৰিক্ৰমাৰ কথা এইদৰে সদৰী কৰিছে, ‘‘অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা আমাৰ ভাষা সাহিত্যৰ বাবে এক গৌৰৱময় মাইলৰ খুঁটি । অসম সাহিত্য সভাৰ মোৰ সভাপতিত্বৰ কালচোৱাত আৰম্ভ কৰা এই যাত্ৰাপথৰ গুৰুত্বপূৰ্ণ স্তৰসমূহ এনেধৰণৰঃ
- প্ৰথম অৱস্থাত ভাৰত চৰকাৰৰ কেইবাজনো সচিব পৰ্যায়ৰ বিষয়াৰ লগত অনানুষ্ঠানিক আলোচনা কৰোঁ । ওড়িয়া ভাষাৰ প্ৰতিবেদনৰ কপি বিশেষ সূত্ৰৰ পৰা সংগ্ৰহ কৰা হয়, যাতে তেনে আৰ্হি আমাৰ প্ৰতিবেদন প্ৰস্তুতিত সহায়ক হয় ।
- ২০২১ চনৰ ১৯ মাৰ্চ: ভাষাতত্ববিদ, প্ৰত্নতত্ত্ববিদ, শিল্পী, ভাস্কৰ আৰু বিজ্ঞ লোকৰ উচ্চস্তৰীয় সমিতিৰ দ্বাৰা প্ৰস্তুত ৩৯১ পৃষ্ঠাৰ MEMORANDUM FOR GRANTING CLASSICAL STATUS TO ASSAMESE LANGUAGE সচিত্ৰ প্ৰতিবেদন সাহিত্য সভাৰ হৈ ভাৰত চৰকাৰ আৰু সাহিত্য অকাডেমিলৈ প্ৰেৰণ ।
- ইয়াৰ পাছত কেবাজনো সাংসদক এই বিষয়টো সংসদত উত্থাপনৰ হেতু আলোচনা কৰোঁ ।
- ২১আগষ্ট ২০২৩ ত সাহিত্য অকাডেমিৰ সচিবৰ SA 16/14/10356 পত্ৰৰ দ্বাৰা অসম সাহিত্য সভাক জনোৱা হয় যে সভাৰ দ্বাৰা প্ৰেৰিত আৰু উপলব্ধ প্ৰতিবেদনখন Linguistic Expert Committee 21/06/2023 তাৰিখৰ মিটিঙত আলোচিত হয় । সেই সমিতিয়ে প্ৰতিবেদনৰ PDF কপি পঠিয়াবলৈ সভাক জনায়, যাতে পৰবৰ্তী বৈঠকত সেই প্ৰস্তাৱ আলোচনা কৰিব পৰা যায় । সেই মৰ্মে PDF কপি প্ৰেৰণ কৰা হয় ।
- ২০২৪ চনৰ জুন মাহত গুজৰাটৰ বৈঠকত অকাডেমিৰ বিষয়াৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হওঁ ।
- ২০২৪ চনৰ ৯ জুলাইত এই সম্পৰ্কত হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰোঁ ।
- এনে এক যাত্ৰাৰ এক সফল সমাপ্তিয়ে অসমৰ ৰাইজক আনন্দিত কৰি তুলিছে ।