যোৰহাট,২৫ ছেপ্টেম্বৰ: দৰং জিলাৰ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰ সহপাঠীৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে শৈক্ষিক নগৰী যোৰহাটত । যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত দহোঢীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ দেৱজিৎ বণিয়া নামৰ এজন ছাত্ৰক একেখন বিদ্যালয়ৰে তিনি ছাত্রই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰা ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্রজন ।
তেজেৰে লুতুৰি পতুৰি হৈ বিদ্যালয়খনৰ বাৰাণ্ডাত পৰি যায় ছাত্রজন আৰু দুজন । ততাতৈয়াকৈ শিক্ষকে সহপাঠী ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱজিৎ বণিয়াক ওচৰতে থকা দহোঢীয়া প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় । দেৱজিৎ বণিয়াই বুকু, হাত আদিৰ লগতে বিভিন্ন স্থানত আঘাত পোৱাৰ উপৰিও সহপাঠীৰ আক্ৰমণৰ ফলত তেওঁৰ মুৰ পৰ্যন্ত ফাটি যায় ।
আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্রজনে ঘটনা সন্দৰ্ভত কয়,"মোক তিনিজন ছাত্রই ক্লাছৰ ভিতৰত আহি চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে ঘুঁচিয়াই । আক্ৰমণত জড়িতসকলক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা লগতে এই ঘটনাত জড়িতসকলক উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে । উপযুক্ত শাস্তি প্ৰদান নকৰিলে এনে ঘটনা পুনৰ সংঘটিত হ'ব ।"