অসম

assam

ETV Bharat / state

সমস্য়া সমাধানৰ দাবীত শ্ৰমিক বিক্ষোভত উত্তাল কাজলগাঁও - CITU protest

CITU protest in Chirang: অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰি স্থায়ী সমাধানৰ বিজ্ঞানসন্মত পদক্ষেপ গ্রহণ, ক্ষতিগ্রস্ত পৰিয়ালক পর্যাপ্ত ক্ষতিপূৰণ আদায়, শ্রম ক'ড বাতিল কৰাৰ দাবীত উত্তাল কাজলগাঁও ।

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 3:27 PM IST

CITU protest in Chirang
শ্ৰমিক বিক্ষোভ কাৰ্যসূচী (ETV BHARAT ASSAM)

চিৰাং, ১০ জুলাই:চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বুধবাৰে চিটুৱে শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা,অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ, শ্ৰম ক'ড বাতিল,আঁচনিভুক্ত কৰ্মী সকলক মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াকে আদি কৰি দহ দফীয়া দাবীৰ সমৰ্থনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চিটুৰ চিৰাং জিলা সমিতিয়ে । শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই বিক্ষোভৰ অন্তত দহ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

শ্ৰমিক বিক্ষোভ কাৰ্যসূচী (ETV BHARAT ASSAM)

চিৰাং জিলা চিটুৰ সম্পাদক দিলিপ কুমাৰ ৰায়ে এই সন্দৰ্ভত কয় যে দেশৰ সকলো জনগণে বয়-বস্তুৰ দামবৃদ্ধিৰ পৰিৱেশত অতিষ্ঠ হৈ পৰিছে । শাসক গোষ্ঠীয়ে জনগণৰ অতিষ্ঠ অৱস্থাক সম্পূর্ণ আওকাণ কৰি বৃহৎ কৰ্প'ৰেট গোষ্ঠীক বজাৰ নিয়ন্ত্ৰণৰ সকলো সুবিধা প্রদান কৰি আছে । উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ইলেক্টৰেল বণ্ডত প্ৰকাশিত তথ্যই প্রমাণ কৰিছে যে দ্রব্যমূল্য বৃদ্ধিৰ সকলো সুযোগ প্রদান কৰি শাসক দল বিজেপিয়ে ৮০০ কোটিতকৈ অধিক টকা কেৱল ঔষধ কোম্পানীৰ পৰা সংগ্ৰহ কৰিছিল । ইয়াৰ বিপৰীতে ঔষধ কোম্পানীবোৰে জীৱনদায়িনী ঔষধৰ দাম কোনো কোনো ক্ষেত্রত এতিয়া ৪ গুণ পর্যন্ত বৃদ্ধি কৰিছে ।

তেওঁ পুনৰ কয় যে প্ৰকাৰন্তৰে কেন্দ্ৰীয় চৰকাৰে সংবিধান অনুসৰি প্ৰদান কৰিব লগা চৰকাৰী স্বাস্থ্য সেৱাৰ পৰা নাগৰিকক বঞ্চিত কৰি স্বাস্থ্যখণ্ড বেচৰকাৰী ব্যৱসায়ীসকলক উৎসাহ প্রদান কৰি আছে । দেশৰ ৪৮ কোটি শ্রমিকৰ লগতে অসমৰো প্রায় ৯০ লাখ শ্রমজীৱী লোক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । অসমত কল-কাৰখানাত কাম কৰি থকা শ্রমিক, বে-চৰকাৰী খণ্ডৰ মটৰ শ্রমিক, নির্মাণ শ্রমিক, নাৰ্ছিং হোমৰ কৰ্মচাৰী, দোকান কর্মচাৰীসকল আইনমতে প্রাপ্য ন্যূনতম মজুৰিৰ পৰা বঞ্চিত, চিকিৎসা সুবিধাকে ধৰি সামাজিক সুৰক্ষামূলক সুবিধাৰ পৰাও বঞ্চিত । বিগত ৯ বছৰ ধৰি অসমত শ্রমিকৰ ন্যূনতম মজুৰি পুনৰ নিৰ্দ্ধাৰণ হোৱা নাই । মেডিকেল ৰিপ্রেজেন্টেটিভ আৰু বিক্রী প্রতিনিধি একোগৰাকীয়ে মাহিলি মাথো ১৩-১৪ হাজাৰ টকা মজুৰি লৈ কাম কৰি আছে । অসমৰ প্রায় ১২ লাখ চাহ শ্রমিকে মাত্র ২৩০-২৫০ টকা দিন হাজিৰা লৈ কাম কৰি থাকিবলৈ বাধ্য হৈছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক:কৃত্ৰিম বান সমস্যাৰ সমাধান হ’বনে ? চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে আছুৱে - AASU PROTEST IN GUWAHATI

চিৰাং জিলা চিটুৰ সম্পাদক দিলীপ কুমাৰ ৰায়ে পুনৰ কয় যে চৰকাৰী আঁচনি ৰূপায়ণৰ ২ লাখ ৭৩ হাজাৰ তৃণমূল কৰ্মচাৰী-অংগনৱাড়ী কর্মী-সহায়িকা, আশাকর্মী আৰু বন্ধন কৰ্মচাৰীয়ে কোনো মজুৰি নাপায় । দৈনিক ১০০ আৰু ১৫০ টকা হাৰে মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে মহিলা কৰ্মচাৰীক । ঠিকা শ্রমিক আৰু স্থায়ী শ্রমিকৰ বাবে সমান কামৰ সমান মজুৰি নীতি অসমতো প্রযোজ্য হোৱা নাই । ফলত সমান পৰিশ্ৰম কৰিও অসমৰ ২৩ লাখতকৈ অধিক ঠিকা শ্রমিক আজি উপযুক্ত মজুৰিৰ পৰা বঞ্চিত । নির্মাণ শ্রমিক,মটৰ শ্রমিকসহ অসংগঠিত খণ্ডত কাম কৰি থকা শ্ৰমিকৰ সংখ্যা প্রায় ৬০-৭০ লাখ । কৃষি শ্রমিকক ধৰিলে এই সংখ্যা ৯০ লাখ হ'ব । এওঁলোকৰ বাবে চৰকাৰে ই-শ্ৰমৰ সুবিধা প্রবর্তন কৰিছিল যদিও আজিলৈকে নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ বাহিৰে আন কোনো অসংগঠিত খণ্ডৰ শ্রমিকে সামজিক সুৰক্ষামূলক আঁচনিৰ সুবিধা লাভ কৰা নাই । কৰ্মচাৰী ৰাজ্য বীমা আঁচনি, ভবিষ্যনিধি আইনৰ সুবিধা আৰু বনাচ প্রাপ্তিৰ সুবিধাৰ ইত্যাদিৰ ক্ষেত্রত শ্রমিক সংগঠনৰ দাবীৰ প্রতি কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব প্রদান কৰা নাই । কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্রমিক সংগঠনৰ মতামতক সম্পূর্ণ আওকাণ কৰি ২৯ খন শ্রম আইনক মাত্র ৪ খন শ্রম সংহিতালৈ ৰূপান্তৰিত কৰিলে । তৃতীয়বাৰলৈ ক্ষমতাত বহি এই চৰকাৰখনে উল্লেখিত শ্রম সংহিতা প্রয়োগ কৰাৰ বাবে ইতিমধ্যে উঠিপৰি লাগিছে ।

অসমৰ দৰে ঔদ্যোগিক দিশত পিচপৰা এখন ৰাজ্যত সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো বিধি-বিধান কাৰ্যকৰী কৰিবলৈ গ'লে সামগ্রিকভাৱে উৎপাদন ব্যৱস্থাটোৱে ব্যাহত হ'ব । সেয়েহে চিটুৱে অসমত শ্রম ক'ড প্রয়োগৰ বিৰোধিতা কৰিছে । সাম্প্রতিক সময়ত অসমত সৃষ্টি হোৱা প্রলংয়কৰী বান পৰিস্থিতিয়ে শ্রমজীৱী মানুহকো অভাবনীয় পৰিস্থিতিৰ সম্মুখীন কৰাইছে । ইতিমধ্যে বহু লোকৰ প্ৰাণ গ'ল, ফুলকুমলীয়া শিশু মহানগৰীৰ উন্মুক্ত নলাত উটি গ'ল । জীৱ-জন্তুৰ প্ৰাণ গ'ল, কৃষিখণ্ডৰো প্ৰচুৰ ক্ষতি হ'ল । অসমৰ প্ৰায় সকলোবোৰ দল-সংগঠনে বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উপযুক্ত বান নিয়ন্ত্ৰণৰ পদক্ষেপ ল'বলৈ দাবী জনাই আহিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ । এই পটভূমিত চিটুৰ বঙাইগাঁও-চিৰাং জিলা সমিতিয়ে দাবী সমূহ সমাধানৰ বাবে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:থাকিবলৈ এটা পকীগৃহ, জীৱন যাপনৰ সামান্য সুবিধা বিচাৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ - Tea Workers Protest

ABOUT THE AUTHOR

...view details