গুৱাহাটী, 24 জানুৱাৰী:গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি হোৱা আইন শৃংখলা ভংগৰ পৰিস্থিতিৰ তদন্ত কৰিব CID-এ ৷ ইতিমধ্যে CID ৰ ADGP ৰ নেতৃত্বত গঠন কৰা হৈছে SIT । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ নং ধাৰাত ৫৫/২৪ নম্বৰত নিজাববীয়াকৈ ৰুজু কৰা গোচৰটো তদন্তৰ বাবে চিআইডিলৈ হস্তান্তৰ কৰা হৈছে । এই কথা সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰিছে ।
উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল । ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশৰ পিচৰে পৰা নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছিল ৷ এই যাত্ৰাই মঙলবাৰে গুৱাহাটী প্ৰৱেশ কৰে আৰু চহৰখনত প্ৰৱেশত বাধা আৰোপ কৰি বেৰিকেড স্থাপন কৰিছিল অসম আৰক্ষীয়ে ৷ এই পৰিপ্ৰেক্ষিতত মঙলবাৰে গুৱাহাটীৰ খানাপাৰাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।