বৰপেটা, ২৭ ফেব্ৰুৱাৰী :প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে এইবাৰ চি আই ডি (CID)য়ে চমন জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক ৷ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কগৰাকীক CID য়ে চমন জাৰি কৰাক লৈ লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক শিকদাৰে কয়, ‘‘বিজেপি চৰকাৰে অসম পুলিচ আৰু CID ৰ জৰিয়তে কংগ্ৰেছ দলে নিৰ্বাচনৰ সময়ত যাতে বিজেপিৰ বিৰুদ্ধে দেশৰ হকে কামকাজ কৰিব নোৱাৰে, তাৰ বাবে পুলিচ আৰু CID ৰ দ্বাৰা চমন জাৰি কৰি কংগ্ৰেছ দলৰ নেতাসকলৰ সময় নষ্ট কৰিছে’’ । এই পৰিকল্পনা বিজেপি তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম পুলিচ আৰু CID য়ে কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।
‘‘এই সময়খিনি নিৰ্বাচনৰ সময় ৷ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ সময় । এই সময়খিনি আমি নষ্ট কৰিব নিবিচাৰো ৷’’ এই বুলিও মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । আনহাতে অসমত আপ আৰু কংগ্ৰেছে বুজাবুজিৰ মাজেৰে নিৰ্বাচন খেলাৰ পোষকতা কৰে বিধায়কগৰাকীয়ে ।