লখিমপুৰ, 9 জুলাই : সুনীল গগৈ জীয়াই আছে ! এই কথাষাৰ শুনিলে আপুনিও হয়তো উচপ খাই উঠিব ৷ পিছে এই কথা আমি কোৱা নাই ৷ চি আই ডি ৰ সঞ্চালক সংযুক্তা পৰাশৰেহে কৰিছে এই দাবী ৷ ঢকুৱাখনাৰ ৰহস্যজনক সুনীল গগৈ কাণ্ডৰ 40 দিন উকলাৰ পিচত কাহিনীত সংযোজিত হৈছে আন এক টুইষ্ট ৷
ৰহস্যজনকভাৱে এই ঘটনাৰ 40 দিনৰ পিচতো সন্ধান নোলাল ছিন্নমুণ্ড অথবা ঘাতকৰ ৷ আৰক্ষীয়ে সুনীল গগৈক খবৰ দিয়াৰ বিনিময়ত পুৰস্কাৰো ঘোষণা কৰিছিল ৷ কিন্তু খবৰহে একো লাভ কৰা নহ’ল ৷ অসম আৰক্ষীয়ে আৰম্ভ কৰা এই ঘটনাৰ প্ৰাথমিক তদন্তৰ অন্তত মকৰাজালৰ দৰে পেছ থকা এই কাণ্ডৰ সমাধান কৰিবলৈ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চি আই ডিক ৷ কিন্তু দিন উকলি যোৱাৰ লগে লগে এই কাণ্ডত অধিক ৰহস্য ঘনীভূত হ’বলৈ ধৰিলে ৷ মঙলবাৰে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় চি আই ডি-ৰ সঞ্চালক সংযুক্তা পৰাশৰ ৷
লগতে পঢ়ক:সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ? - SUNIL GOGOI MURDER CASE
তদন্তকাৰী শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সুনীল গগৈৰ পত্নীয়ে বিধৱাৰ সাজ পৰিধান কৰি থকা প্ৰত্যক্ষ কৰি ব্যক্ত কৰে এক চাঞ্চল্যকৰ মন্তব্য ৷ শীৰ্ষ আৰক্ষী বিষয়া পৰাশৰৰ মতে, সুনীল গগৈ বৰ্তমানেও জীৱিত অৱস্থাত আছে ৷ গতিকে গগৈৰ পত্নী পুষ্পা গগৈয়ে বৈধ্যৱৰ সাজ পৰিহাৰ কৰা উচিত ৷ তদুপৰি পূৰ্বে উদ্ধাৰ হোৱা মৃতদেহটো জাহাংগীৰৰ বুলি সুনীল গগৈৰ পৰিয়ালৰ আগত ষ্পষ্ট কৰে চি আই ডিৰ সঞ্চালকগৰাকীয়ে ৷
লগতে পঢ়ক:ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ : জনালে জি পি সিঙে - Dhakuakhana murder case