অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বেপাৰীয়ে বৈদেশিক নীতি চলাই আছে : গৌৰৱ গগৈ - MP GAURAV GOGOI ON FOREIGN POLICY

চীনক ৰঙা চকু কিয় দেখুৱাব পৰা নাই ভাৰতে ? কাৰণ বাখ্যা কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।

MP Gaurav Gogoi on foreign policy
প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বেপাৰীয়ে বৈদেশিক নীতি চলাই আছে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 18 hours ago

যোৰহাট :চীনে ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে । যাক লৈ ভাৰতকে ধৰি নামনিৰ দেশ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত নিৰ্ভৰশীল দেশসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সম্ভাব্য দুৰ্যোগৰ কথা চিন্তা কৰি ভাৰতৰ বিভিন্ন দল-সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিৰোধী কংগ্ৰেছে এই সন্দৰ্ভত চীন সম্পৰ্কে ভাৰত চৰকাৰৰ নীতিক তীব্ৰ সমালোচনা কৰিছে । লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

দেশৰ বৈদেশিক নীতিক সমালোচনা

প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বেপাৰীয়ে বৈদেশিক নীতি চলাই আছে (ETV Bharat Assam)

তেওঁ কয়,"ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক সাক্ষাৎকাৰত কৈছে যে চীনৰ অৰ্থনীতিৰ লগত ভাৰতৰ অৰ্থনীতিয়ে ফেৰ মাৰিব নোৱাৰে । ইয়াৰ পৰা প্ৰমাণ হয় যে ভাৰতে চীনলৈ ভয় কৰে । চীনা সামগ্ৰী দেশত বৰ্জন কৰাৰ পৰিৱৰ্তে চীনৰ পৰা সামগ্ৰী ব্যাপক হাৰত ভাৰতলৈ আহিছে । বৰ্তমান বাণিজ্য মন্ত্ৰীগৰাকীয়ে চীনৰ লোকক ভিছা দিয়াত অধিক গুৰুত্ব দিছে ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতিৰ সামগ্ৰীবোৰ চীনৰ পৰা আহে । তেওঁলোকৰ গোটেই উদ্যোগ চীনৰ ওপৰত নিৰ্ভৰশীল । সেয়ে তেওঁলোকে চীনৰ লগত সংঘাত নিবিচাৰে । সমগ্ৰ বৈদেশিক নীতিটো প্ৰধানমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা ডাঙৰ ডাঙৰ বেপাৰীয়ে চলাই আছে ।"

সীমান্ত সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া

আনহাতে নাগালেণ্ডত চোৰক আটক কৰিবলৈ যোৱা সময়তে নগাই অসম আৰক্ষীৰ দলক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "উত্তৰ-পূবৰ প্ৰায়বোৰ ৰাজ্যত বিজেপি শাসিত চৰকাৰ আছে । সেয়েহে বিজেপিয়ে আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধান কৰিবলৈ নিবিচাৰে । কাৰণ সীমা সমস্যা সমাধান হ'লে একাংশ অবৈধ সৰবৰাহ আৰু ছিণ্ডিকেট চক্ৰৰ ভেটী উচন হ'ব । সেয়েহে এই কামসমূহ চলাই নিবৰ বাবে বিজেপিয়ে সীমা সমস্যা সমাধান হোৱাটো নিবিচাৰে ।"

এনে সৰবৰাহত একাংশ বিজেপি কৰ্মী জড়িত থকাৰো অভিযোগ উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে । মণিপুৰত এতিয়াও অবৈধ অস্ত্ৰৰ সৰবৰাহ চলি আছে বুলি সাংসদগৰাকীয়ে অভিযোগ কৰে ।

উমৰাংছ'ৰ কয়লাখনিৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে । এই ঘটনা সন্দৰ্ভত এছ আই টি গঠনৰ বাবে সাংসদগৰাকীয়ে চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক :দেশত নতুন জি এছ টি নীতিৰ দাবী গৌৰৱ গগৈৰ - MP GAURAV GOGOI

ABOUT THE AUTHOR

...view details