অসম

assam

কিমান তললৈ গ'লে শিশুক নিচাজাতীয় দ্ৰব্য খুৱাই চলাব পাৰে নিৰ্যাতন ? - Child abuse in Kerala

By ETV Bharat Assamese Team

Published : May 21, 2024, 5:07 PM IST

Child abuse in Kerala: কেৰালাত অকথ্য নিৰ্যাতনৰ বলি দুই শিশু । কেৰালাত কৰ্মৰত নগাঁৱৰ যুৱকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ । দুই সন্তানসহ মাতৃক পণবন্দী কৰি ধনদাবী । দুই শিশুক সেৱন কৰাই নিচাযুক্ত দ্ৰব্য । সন্তানসহ মহিলাগৰাকীক উদ্ধাৰৰ বাবে আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীৰ পিতৃ ।

Children of Assam abused in Kerala by feeding them intoxicants
কেৰালাত নিচাযুক্ত দ্ৰব্য খুৱাই দুই শিশুক অকথ্য নিৰ্যাতন (Google)

কেৰালাত নিচাযুক্ত দ্ৰব্য খুৱাই দুই শিশুক অকথ্য নিৰ্যাতন (ETV Bharat Assam)

নগাঁও,২১ মে':কেৰালাত নিৰ্যাতিত অসমৰ শিশু । এটা ভাইৰেল ভিডিঅ'য়ে তোলপাৰ লগাইছে সৰ্বত্ৰে । কেৰালাত দুটি শিশুক নিচাযুক্ত দ্ৰব্য খুৱাই অকথ্য নিৰ্যাতন চলোৱাৰ ভিডিঅ'ক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত । কাম বিচাৰি কেৰালালৈ যোৱা নগাঁৱৰ জুৰীয়াৰ এগৰাকী মহিলাকো অসৎ কাৰ্যত লিপ্ত কৰোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ।

নগাঁও জিলাৰ জুৰীয়াৰ কাষৰিগাঁৱৰ আমজদ আলী নামৰ এগৰাকী ব্যক্তিৰ কন্যাক বিয়া পাতি কেৰালালৈ লৈ গৈছিল জুৰীয়া অঞ্চলৰেই এজন যুৱকে । অভিযোগ অনুসৰি দুটি কণমানি শিশুসহ মাতৃক লগত পিতৃ কাম কৰিবলৈ গৈছিল কেৰালালৈ । কিন্তু কেৰালাত কৰ্মৰত নগাঁৱৰ ৰূপহীহাটৰ জুৱেল নামৰ আন এজন যুৱকে মহিলাগৰাকীৰ স্বামীক গাঞ্জা কিনিবলৈ দিছিল ধন ।

পৰিয়ালক এৰি গাঞ্জা কিনি দিব নোৱাৰাৰ বাবেই দুই সন্তানসহ মহিলাগৰাকীক পণবন্দী কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পিতৃয়ে । কেৱল পণবন্দী কৰাই নহয় দুই শিশুক নিচাযুক্ত দ্ৰব্য খুৱাই অকথ্য নিৰ্যাতন চলোৱাৰ ভিডিঅ' প্ৰেৰণ কৰে মহিলাগৰাকীৰ পিতৃলৈ । শিশু দুটিক চিগাৰেট সেৱন কৰোৱাই ম'বাইলত ভিডিঅ' কৰি ককায়েক অৰ্থাৎ মহিলাগৰাকীৰ পিতৃলৈ প্ৰেৰণ কৰে ।

আনকি ধনদাবী কৰা বুলিও অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পিতৃয়ে । কেৰালাৰ এনাকুলাম জিলাত দুই সন্তানসহ মহিলাগৰাকীক আৱদ্ধ কৰি জুৱেল নামৰ যুৱকজনে দুই সন্তানক নিৰ্যাতন চলোৱাৰ উপৰিও মহিলাগৰাকীকো অসৎ কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পিতৃয়ে ।

দুই নাতিৰ লগতে কন্যাৰ ওপৰতো চলোৱা অকথ্য নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীৰ পিতৃ । দুই সন্তানসহ মহিলাগৰাকীক আৱদ্ধ কৰা ঘটনাত নিজৰ জোঁৱায়েককো জগৰীয়া কৰি জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পিতৃ আমজদ আলীয়ে । এতিয়া দুই সন্তানসহ মহিলাগৰাকীক অতি শীঘ্ৰে উদ্ধাৰৰ বাবে আৰক্ষীক কাতৰ আহ্বান জনাই আমজদ আলীয়ে ।

পৰৱৰ্তী সময়ত মহিলাগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় । শিশু সন্তানক নিচাযুক্ত দ্ৰব্য খুৱাই নিৰ্যাতন চলোৱাৰ উপৰিও মাতৃক অসৎ কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগে প্ৰশ্নৰ অৱতাৰণা কৰিছে যে, কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ যোৱা শিশু-মহিলা কিমান সুৰক্ষিত ?

লগতে পঢ়ক:7 বছৰীয়া ছাত্ৰীক নিৰ্যাতন শিক্ষকৰ; অপসাৰণৰ দাবী অভিভাৱকৰ - Teacher Beating Student

ABOUT THE AUTHOR

...view details