নগাঁও,১৩ এপ্ৰিল:বাটে পোৱালি মেলাৰ সময় এয়া । প্ৰকৃতিয়ে স্নান কৰাৰ সময় এয়া । এয়া ব'হাগৰ বতৰ । চৌদিশে বিয়পিছে ৰঙালীৰ ৰং । জাতিটোৰ স্পন্দন বিহু । ঢোল-পেঁপাৰ শব্দই যেন জগাই তোলে জাতিটোক । বিহুটিয়েই চিনাকী দিয়ে জাতিটোক । বিহু বুলিলে মনলৈ আহে চেনিমাইৰ কথা । অসংখ্য বিহুগীতৰ জনপ্ৰিয় শব্দটোৱেই হৈছে চেনিমাই । চেনিমাই আচলতে এটা শব্দ নহয় ।
অসমীয়াৰ সাহস, অসমীয়াৰ শক্তিৰ যেন অন্য এক নাম চেনিমাই । তাহানিৰ পৰা বৰ্তমানলৈকে বিহুগীতৰ এক অবিচ্ছেদ্য অংশই চেনিমাই । বিহুৰ বতৰত আজি আমাৰ এই প্ৰতিবেদন সেইগৰাকী চেনিমাইক লৈ যিগৰাকী চেনিমাইৰ বাবেই হয়তো আজিও জীয়াই আছে অসমীয়াৰ বাপতি সাহোন অতি আদৰৰ বিহুনৃত্য । এই বিষয়ে আমি জানিবলৈ উভতি যাব লাগিব ১৮ শ শতিকাৰ ব্ৰিটিছ শাসনকাললৈ ।
হয়, দেশ স্বাধীনতাৰ পূৰ্বৰ কথা । অৰ্থাৎ ১৮ শ শতিকাত ইংৰাজ শাসনকালত হঠাৎ ব্ৰিটিছে নিষিদ্ধ কৰিছিল বিহু নৃত্য । কাৰণ বিহু নৃত্যৰ ওপৰত ভুল ধাৰণা এটা আছিল ব্ৰিটিছৰ । বিহু নৃত্যক অশ্লীল নৃত্য বুলি ধাৰণা কৰিছিল বগাচাহাবে । বিহু নৃত্যক অশ্লীল নৃত্য বুলি দাবী কৰিয়েই বিহু নৃত্যৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল ব্ৰিটিছে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া, তীব্ৰ অসন্তুষ্টি বিৰাজ কৰিছিল অসমীয়া সমাজত । ব্ৰিটিছৰ এই সিদ্ধান্ত সহজভাৱে ল’ব পৰা নাছিল কোনো এজন অসমীয়াই ।
নগাঁও জিলাৰ খাটোৱাল মৌজাৰ হালোৱা গাঁৱৰ আনন্দ দাসে ইংৰাজে বিহু নিষিদ্ধ কৰিব খোজা কথাৰ উমান পাই ৰাইজক সজাগ কৰিছিল । নগাঁও কাছাৰীত তৰণীৰূপে কৰ্মৰত দাস এজন উদ্যোগী আৰু সৰবৰহী ব্যক্তি আছিল। তেওঁ ইংৰাজ আৰু বিহুৰ শতৰুসকলৰ অভিসন্ধিবোৰৰ বিষয়ে কাছাৰীঘৰতে অৱগত হৈছিল । সেইবোৰ বিৱৰি জনোৱাত কলংপৰীয়া পাহোৱাল ডেকা ঢোলৰ ওজা মৈমত টাটিঙাই বিহুৱা দল এটি গঠন কৰি আনন্দ দাসৰ নেতৃত্বত ইংৰাজ চাহাবৰ আগত বিহুগীত আৰু নৃত্য প্রদর্শন কৰি প্রতিবাদ কৰিবলৈ সাজু হৈছিল ।