গুৱাহাটী, 6 মে' : 7 মে' অৰ্থাৎ মঙলবাৰে ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ত চাৰিটা লোকসভা সমষ্টিৰ বাবে হ'ব লগা ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই ভৱিষ্যদ্বাণী কৰিছে ৷ অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ুমণ্ডলত প্ৰৱহমান ঘূৰ্ণী বতাহৰ ফলত শনিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বৃষ্টিপাত ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, 9 মে’লৈকে অসমৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ কোনো কোনো অঞ্চলত ধুমুহা, বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰো সম্ভাৱনা আছে ৷
বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড৹ সঞ্জয় অ'নীল শ্বই প্ৰকাশ কৰা মতে আগন্তুক 24 ঘন্টাত অসমৰ দুই এঠাইত বিজুলী-ঢেৰেকনিসহ বজ্ৰপাতৰ লগতে ঘণ্টাত 40-50 কিঃমিঃ গতিবেগত বতাহ-ধুমুহাৰ লগতে দুই এঠাইত প্ৰৱলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বিগত 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল কাছাৰ 3.5 মিঃ মিঃ, ডিব্ৰুগড় 5 মিঃমিঃ, ধুবুৰী 0.5 মিঃমিঃ, যোৰহাট 3 মিঃমিঃ, মঙলদৈ 9 মিঃমিঃ, নগাঁও 7 মিঃমিঃ, উত্তৰ লখিমপুৰ 8 মিঃমিঃ, শিলচৰ 10 মিঃমিঃ তেজপুৰ 12 মিঃমিঃ ৷