মাজুলী : স্বাধীন অসমৰ লক্ষ্যৰে এসময়ত হাতত অস্ত্ৰ তুলি লৈছিল একাংশ যুৱকে । সেই যুৱকসকলক আলফা বুলিয়ে জানিছিল অসমৰ ৰাইজে । কিন্তু সেই বিদ্ৰোহ এৰি এতিয়া কৃষি বিপ্লৱ আৰম্ভ কৰিছে সেই যুৱকসকলে । হয়, আমি আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা সদস্যসকলৰ কথা ক'ব বিচাৰিছো । অস্ত্ৰ এৰি আজি তেওঁলোকে মাজুলীক সলনি কৰাৰ পণ লৈছে । যাৰ বাবে সকলোৱে কৃষিকৰ্মত নামি পৰিছে । ব্ৰহ্মপুত্ৰৰ চাপৰিত বিশাল ভূমিত সৰিয়হ, আলু, ভোট জলকীয়া, নহৰুৰ খেতিৰে প্ৰাক্তন আলফা সদস্যসকলে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ।
কৃষিকৰ্মত ব্যস্ত মাজুলীৰ প্ৰাক্তন আলফা
জানিব পৰা মতে প্ৰাক্তন আলফা সদস্যসকলে ২০০ বিঘা ভূমিত সৰিয়হৰ খেতি, ৫ বিঘাত কেৰেলা, ৫ বিঘাত বৰ সৰিয়হ আৰু ৭ বিঘাত জলকীয়া খেতি কৰিছে । তাৰ মাজতে প্ৰাক্তন আলফা সদস্যসকলক প্ৰেৰণা আৰু উৎসাহ যোগাবলৈ মাজুলীত উপস্থিত হৈছে প্ৰাক্তন আলফা নেতা জিতেন দত্ত । প্ৰাক্তন আলফা নেতাজনে কয়, "মাজুলীৰ প্ৰাক্তন আলফা কেডাৰসমূহক একগোট কৰি ৰখাৰ লগতে কৃষিৰ জৰিয়তে এইসকল প্ৰাক্তন আলফা কেডাৰক স্বাৱলম্বী কৰি তোলাৰ বাবে এই প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে । মাজুলীৰ জিলা আয়ুক্তই এইসকল প্ৰাক্তন আলফা কেডাৰক কৃষিৰ জৰিয়তে আগবাঢ়ি যাবৰ বাবে যথেষ্ট সুবিধা কৰি দিছে, তাৰ বাবে তেওঁক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো ।"
জিলা আয়ুক্তৰ সহযোগিতা
মাজুলীৰ জিলা আয়ুক্তই আলফাৰ প্ৰাক্তন কেডাৰক কৃষিকৰ্মৰ সুবিধাৰ্থে ২০০০ বিঘা ভূমি আৱণ্টন দিছে বুলিও প্ৰাক্তন আলফা নেতা জিতেন দত্তই জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে ভৱিষ্যতে গৰু-ছাগলীৰ ফাৰ্মৰ লগতে অন্যান্য শস্যৰ খেতি কৰাৰো পৰিকল্পনা কৰা হৈছে ।
কৃষিকৰ্মত জড়িত হোৱা মাজুলীৰ প্ৰাক্তন আলফা সদস্য ৰঞ্জিত শইকীয়াই কয়, "আমাৰ ঠাইৰ ল'ৰাবোৰে সংস্থাপন বিচাৰি বিভিন্ন ঠাইলৈ যাব লগা হৈছে । তাত কি কাম কৰিব লগা হৈছে তাৰ কোনো চিন নাই । আমি চিন্তা কৰিছো কৃষিৰ জৰিয়তে আমি স্বাৱলম্বী হোৱাৰ লগতে বজাৰ, পথাৰ সকলো দখল কৰিবলৈ । যাতে উঠি অহা প্ৰজন্মই আমাৰ পৰা প্ৰেৰণা পাই আৰু খেতিৰ প্ৰতি আকৰ্ষিত হৈ নিজকে স্বাৱলম্বী কৰি তোলে ।" মুঠতে এৰি অহা বিদ্ৰোহৰ কথা চিন্তা কৰিবলৈ এতিয়া আহৰি নাই প্ৰাক্তন আলফা কেডাৰসকলৰ । সকলো সময়তে এতিয়া তেওঁলোক ব্যস্ত কৃষিকৰ্মত । সেউজীয়া শস্যৰ সপোন লৈ এতিয়া তেওঁলোক ব্যস্ত কৃষিত । কেৱল এয়াই নহয় কৃষি বিপ্লৱৰ জৰিয়তে মাজুলীৰ ৰূপ সলনি কৰাৰো পণ লৈছে তেওঁলোকে ।