ETV Bharat / state

যেন আঁতৰি গ'ল গোবিন্দ বাহাদুৰৰ পৰিয়ালৰ কোনোবাজন ! - FEMALE DOMESTIC ELEPHANT SURJYAMALA

বন বিভাগৰ জিম্মাত থকাৰ সময়ত ১১ ফুট উচ্চতাৰ জয়মালা (সূৰ্যমালা)ৰ দেহৰ অৱস্থা এটা ষাঁড় গৰুৰ দৰে শোচনীয় হৈছিল কাৰ গাফিলতিত ?

Female captive elephant Surjyamala passed away in Sonitpur
জয়মালা আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

তেজপুৰ : যেন পৰিয়ালটোৰ কোনোবা এজন সদস্য চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল ! চকুৰ সমুখতে তিলতিলকৈ মৃত্যুৰ মুখলৈ আগুৱাই যোৱা দেখিও পৰিয়ালটোৱে একো কৰিব নোৱাৰিলে ৷ কিয়নো নানা আইনী বাধাই যেন হাত-ভৰি বান্ধি পেলাইছিল দুৰ্ভগীয়া পৰিয়ালটোৰ ! হ’ব পাৰে বন্যপ্ৰাণী, কিন্তু পৰিয়ালটোৰ বাবে ই মানুহতকৈ কোনোগুণে কম নাছিল ৷

এজনী স্নেহৰ মাইকী হাতীৰ মৃত্যুক কেন্দ্ৰ কৰি এটা পৰিয়াল কিমান শোকদগ্ধ হ’ব পাৰে, সেই কথা অনুভৱী মানুহ মাত্ৰেই বুজিব পাৰিব এই প্ৰতিবেদনৰ জৰিয়তে ৷ আজি আমি ক’বলৈ লৈছো জয়মালাৰ কথা ৷ জয়মালা হৈছে বাক্সা জিলাৰ বগৰীখুটিৰ গোবিন্দ বাহাদুৰ ছেত্ৰীৰ পোহনীয়া মৰমৰ এজনী হাতী ৷ বৰ্তমান শোণিতপুৰ চতিয়াৰ বাসিন্দা গোবিন্দ বাহাদুৰ ৷

Femal captive elephant Surjyamala passed away in Sonitpur
বন বিভাগৰ চিঠি (ETV Bharat Assam)

২০১৯ চনৰ কথা ৷ এই পোহনীয়া হাতীজনীক শোণিতপুৰ বন বিভাগে নামেৰী বনাঞ্চলৰ সমীপৰ পৰা ধৰি লৈ আনে ৷ কাৰণ মাউতবিহীন হাতীটোৱে সমীপৰ কোনো লোকৰ খেতিপথাৰৰ শস্য খাই তহিলং কৰিছিল ৷ বন বিভাগৰ নিয়ম অনুসৰি, সেই সময়ত শোণিতপুৰ পশ্চিম বন বিভাগে এই হাতীজনীক নিজৰ জিম্মাত ৰাখে ।

পৰৱৰ্তী সময়ত শোণিতপুৰ বন বিভাগে হাতীজনীক কুনকী হিচাপে ব্যৱহাৰ কৰি জিলাখনত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে ব্যৱহাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই হাতীজনীৰ নাম বন বিভাগে জয়মালাৰ সলনি সূৰ্যমালা ৰাখিছিল ৷ প্ৰকৃততে হাতীজনীৰ নাম বন বিভাগৰ নথি-পত্ৰত লিপিবদ্ধ আছে সূৰ্যমালা হিচাবে ৷

শেহতীয়া তথ্য অনুসৰি, শোণিতপুৰৰ বনকৰ্মীৰ সৈতে ছাঁৰ দৰে লাগি থকা সূৰ্যমালা আৰু নাই ৷ শোণিতপুৰ জিলা বন বিভাগৰ অধীনত ১৭ ডিচেম্বৰত মৃত্যু হয় এই সূৰ্যমালাৰ । বৰ্ধিত বয়সৰ বাবেই সূৰ্যমালাৰ মৃত্যু হোৱা বুলি বন বিভাগে উল্লেখ কৰে ৷ কিন্তু সূৰ্যমালাৰ প্ৰকৃত গৰাকীয়ে দাবী কৰে যে সূৰ্যমালা নামেৰে পৰিচিত তেওঁৰ জয়মালাজনী শোণিতপুৰ পশ্চিম বন সংমণ্ডলে হত্যা কৰে ৷

হাতীজনীৰ প্ৰকৃত গৰাকী গোবিন্দ ছেত্ৰীৰ পুত্ৰ শ্যাম বচনেটে ই টিভি ভাৰতৰ আগত আবেগিক হৈ কয়, "বন বিভাগৰ গাফিলতিৰ বাবেই হাতীজনীৰ মৃত্যু হয় । ১১ ফুট উচ্চতাৰ হাতীজনী বন বিভাগৰ হাতত থকাৰ সময়তে এটা ষাঁড় গৰুৰ দৰে দেহৰ শোচনীয় অৱস্থা হৈ পৰে ৷ হাতীজনীৰ মৃত্যু আমাৰ পৰিয়ালে সহজভাৱে ল’ব পৰা নাই, বন বিভাগে মাৰিলে আমাৰ হাতীজনী ৷"

শ্যাম বচনেটে লগতে কয়, ‘‘হাতীজনী ঘূৰাই পাবলৈ আমি অনেকবাৰ বন বিভাগৰ গুৱাহাটী আৰু তেজপুৰ কাৰ্যালয়লৈ তাঁতবাটি কাঢ়িলো ৷ এনেকৈ দুবছৰ পাৰ হ’ল ৷ একো লাভ নহ’ল ৷ হাতীজনীৰ গৰাকী কোন তাৰ পৰীক্ষা কৰা হ’ল ৷ আমিও সকলো যাৱতীয় কাগজ দাখিল কৰিলো ৷ তাৰ পিছতো পুনৰ আকৌ এবাৰ সত্যতা পৰীক্ষা কৰা হৈছিল চৰকাৰীভাৱে ৷ কিন্তু একো লাভ নহ’ল ৷ বৰ্তমান আমাৰ পৰিয়ালটোৱে হাতীজনীৰ বিষয়ে আৰু আলোচনা কৰিব নোৱৰা হৈছো ।’’

আনকি ১৭ ডিচেম্বৰত মৃত্যু হোৱা সূৰ্যমালাৰ মৃত্যুৰ খবৰটো গৰাকীক নজনোৱাকৈ মিছামাৰীৰ গাভৰু খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপত ৰিকামাৰীত পুঁতি থোৱা হ’ল বুলি অভিযোগ কৰে শ্যামে ৷ তেওঁ আৰু কয়, ‘‘হাতীজনীক বন বিভাগে পৰ্যাপ্ত খাদ্য যোগান ধৰা নাছিল আৰু চিকিৎসা প্ৰদান কৰা নাছিল ৷ যাৰ বাবে তাইৰ মৃত্যু হ’ল ৷ আনকি মৃত্যুৰ পিছতো শেষশ্ৰদ্ধা জনাবলৈকো সুযোগ নিদিলে বন বিভাগে ৷’’

আনহাতে যোৱা ২০ নৱেম্বৰতেই প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) সন্দীপ কুমাৰৰ স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে হাতীজনী মোকলাই দিবলৈ শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ কনজাৰ্ভেটৰলৈ নিৰ্দেশ দিয়া হৈছিল আৰু ইয়াৰ প্ৰতিলিপি শোণিতপুৰ পশ্চিম বন প্ৰাধিকাৰীলৈও প্ৰেৰণ কৰিছিল । কিন্তু হাতীজনী বন বিভাগে নিজৰ জিম্মাত ৰহস্যজনকভাৱে ৰাখি থৈছিল ৷ হাতীজনীক বন বিভাগৰ দ্বাৰা হত্যা কৰা হ’ল বুলি অভিযোগ উত্থাপন কৰে শ্যাম বচনেটে ৷

ইয়াৰ উপৰিও হাতীজনীৰ গৰাকীক বিভিন্ন ধৰণে বন বিভাগৰ তৰফৰ পৰা হেঁচা আৰু হাৰাশাস্তি প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ সূৰ্যমালাৰ গৰাকীয়ে বনমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰে যে বন ৰক্ষকৰ নামত থকা এইসকল লোকৰ বিৰুদ্ধে চৰকাৰে বিধিগত ব্যৱস্থা গ্ৰহণ কৰক ৷ লগতে এই নিমাখিত প্ৰাণীসমূহক তিলতিলকৈ হত্যা কৰা এইসকল বিষয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ অনুৰোধ জনায় ৷

আনহাতে, এই ঘটনাৰ বিষয়ে শোণিতপুৰ পশ্চিম সংমণ্ডলৰ বন প্ৰাধিকাৰী নৃপেন কলিতাই ই টিভি ভাৰতক কয়, "হাতীজনীৰ পৰীক্ষাৰ সময়ত গৰাকী বহুত ওলাইছিল ৷ পৰৱৰ্তী সময়ত আমি বন বিভাগে হাতীজনীৰ DNA পৰীক্ষা কৰাইছিলো ৷ কিন্তু সেই পৰীক্ষাৰ কোনো ৰিপ'ৰ্ট বৰ্তমানলৈকে বন বিভাগৰ হাতত অহা নাই । বন বিভাগৰ হাতত সম্পূৰ্ণ তথ্য উপলদ্ধ নোহোৱাকৈ আমি হাতীজনী হস্তান্তৰ কৰিব নোৱাৰো ৷’’

লগতে পঢ়ক : Bijuli Prasad is no more: এক ৰাজকীয় ইতিহাস বুকুত বান্ধি অজান দেশলৈ গ’লগৈ বিজুলী প্ৰসাদ - দেশৰ বৰ্ষীয়ান হাতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.