অসম

assam

ETV Bharat / state

অসমৰ তোলনীয়া সন্তান হিচাপে মনত ৰাখিব: বিদায়ী সঞ্চালক প্ৰধান জি পি সিং - GP SINGH FAREWELL

বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ আনুষ্ঠানিক বিদায় সম্ভাষণ । অসমবাসীক কৃতজ্ঞতা জ্ঞাপন সিঙৰ । বিয়লি অসম এৰি দিল্লীলৈ ৰাওনা হ'ব ।

GP Singh farewell
জি পি সিঙক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ (X@gpsinghips)

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 3:50 PM IST

গুৱাহাটী : "অসম এৰিলেও সদায়ে অসমৰ কাষত থাকিম । অসমৰ তোলনীয়া সন্তান হিচাপে অসমবাসীয়ে মোক মনত ৰাখিব বুলি মই আশা কৰো ।" এই আবেগিক মন্তব্য ৰাজ্যৰ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । তিনিটা দশকৰো অধিক সময় অসমৰে সংযুক্ত হৈ থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বিদায়ী পৰত কিছু আবেগিক হৈ পৰে । গুৱাহাটীৰ কাহিলীপাৰাত থকা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় ।

জি পি সিঙে প্ৰথমে শ্বহীদ বেদীত অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে বিদায়ী সঞ্চালক প্ৰদান জি পি সিঙক আদৰণি জনায় । অনুষ্ঠানত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে বিদায়ী সঞ্চালক প্ৰধানগৰাকীয়ে । অসম আৰক্ষীৰ তৰফৰ পৰা আকৰ্ষণীয় কুচ-কাবাজৰ লগতে নিয়ম অনুসৰি বিদায়ী সঞ্চালক প্ৰধানগৰাকীক বিদায় সম্ভাষণ জনোৱা হয় ।

জি পি সিঙক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ (ETV Bharat)

জি পি সিঙৰ বিদায়ী ভাষণ

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে বিদায়ী পৰত দিয়া অন্তিমটো ভাষণত জি পি সিঙে কয়, "মা কামাখ্যাৰ আৰ্শীবাদত মই আৰু মোৰ পৰিয়ালটো সদায় সুৰক্ষিত হৈ আছো আৰু আজিৰ এই পৰ্যায়ত উপনীত হ'ব পাৰিছো । অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মই তেওঁলোকৰ সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো । অসম আৰক্ষীৰ ঐতিহাসিক ২০০ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত হৰমীত সিঙে দায়িত্ব লৈ বহুকেইটা বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে । অসম আৰক্ষীৰ এই ঐতিহাসিক ক্ষণৰ অংশীদাৰ হ'বলৈ পাই মই সুখী অনুভৱ কৰিছো । মোৰ এই যাত্রাত মোৰ পত্নী আৰু মোৰ দুগৰাকী জীয়ৰীয়ে সদায় সহযোগ কৰিছে ।"

অসমৰ মুখ্যমন্ত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন

জি পি সিঙে কয়, "মই মোৰ কাৰ্যকালত পোৱা প্ৰতিগৰাকী মুখ্যমন্ত্ৰীলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ । হিতেশ্বৰ শইকীয়া, ভূমিধৰ বৰ্মন, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছো । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই কথাৰে ব্যাখ্যা কৰিব নোৱাৰো । আজি পুৱাৰ ভাগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মোৰ ঘৰলৈ আহি মোৰ পৰিয়ালক সাক্ষাৎ কৰি মোক উৎসাহিত কৰিছে । মই মুখ্যমন্ত্রীৰ ওচৰত চিৰকৃতজ্ঞ । আনহাতে অসমবাসীক যিমান অভিনন্দন আৰু ধন্যবাদ জনাও সেয়া কম হ'ব । অসমবাসীয়ে মোক পৰামৰ্শ দিছে আৰু আগুৱাই যোৱাৰ বাট দেখুৱাইছে । সকলো ক্ষেত্রতে মোক সহায় কৰিছে । অসমৰ ৰাইজে মোক কোনো দিনেই কষ্ট দিয়া নাই । মই আশা কৰো তথা মোৰ দৃঢ় বিশ্বাস আছে যে হৰমীত সিঙৰ নেতৃত্বত অসম পুলিচ আৰু আগুৱাই যাব । মই অসমৰ সংবাদ মাধ্যম তথা সাংবাদিকসকলক ধন্যবাদ জনাইছো । সংবাদ মাধ্যমৰ পৰা মই কোনো দিনে হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই । সদায়ে গঠনমূলক সমালোচনা পাইছো ।"

জি পি সিঙে সহকৰ্মীসকলৰ প্ৰতি আহ্বান জনাই কয়,"সকলোৱে প্ৰথমে আৰক্ষী বিষয়া নহয়, এজন ভাল মানুহ হ'ব । এজন ভাল মানুহৰ পাছত আৰক্ষী বিষয়া হ'ব । ভাল মানুহ হৈ সমাজত থাকিব । ক্ষমতাৰ সদায় ভাল ব্যৱহাৰ কৰিব । আনহাতে নিজৰ স্বাস্থ্য সদায়ে ভালে ৰাখিব । স্বাস্থ্য নিজৰ বাবে । সুস্থ শৰীৰত সুস্থ মন থাকে ।"

জি পি সিং সম্পৰ্কে কি ক'লে হৰমীত সিঙে ?

অনুষ্ঠানত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, "অসম আৰক্ষীত জি পি সিঙৰ ভূমিকা উল্লেখনীয় । অসম আৰক্ষীৰ প্ৰতি তেওঁৰ বিশেষ ফ'কাছ আৰু মৰম আছিল । শেহতীয়া দুটা বছৰত অসম আৰক্ষীত ৩০ হাজাৰ পদোন্নতি হৈছে । ইয়াৰ পূৰ্বে অসম আৰক্ষীত এনেদৰে পদোন্নতি হোৱা নাছিল । তেওঁ অসম আৰক্ষীৰ নতুন ৱেলফেয়াৰ পলিচী কৰিলে । তেওঁ গ্ৰহণ কৰা পদক্ষেপসমূহ আমি আগুৱাই লৈ যাম ।" অনুষ্ঠানত অসম আৰক্ষীৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে ।

উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব প্ৰদান কৰা হৈছে । যাৰ বাবে বুধবাৰে তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । জি পি সিঙৰ ঠাইত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক ।

২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছিল । ২০১৯ চনত ৰাজ্যজোৰা 'কা' আন্দোলনৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসমলৈ পুনৰবাৰ আগমন ঘটিছিল জি পি সিঙৰ । পৰৱৰ্তী সময়ত তেওঁ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । বুধবাৰে বিয়লি জি পি সিঙে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ হৰমীত সিঙক অৰ্পণ কৰি নতুন দিল্লীলৈ ৰাওনা হ'ব আৰু নতুন পদবীত নিয়োজিত হ'ব ।

জি পি সিঙৰ বাসভৱনত মুখ্যমন্ত্রী :

ইফালে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জি পি সিঙৰ কাহিলীপাৰাস্থিত চৰকাৰী বাসভৱনত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে । মুখ্যমন্ত্রীয়ে বিদায় সম্ভাষণ জনোৱাৰ লগতে নতুন কৰ্মক্ষেত্রৰ বাবে জি পি সিঙক শুভেচ্ছা জ্ঞাপন কৰে ।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "বিগত চাৰিটা বছৰত অসমত অভূতপূৰ্ব শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে । অপৰাধৰ হাৰ সৰ্বকালৰ নিম্নগামী স্তৰত উপনীত হোৱাৰ দোষী সাব্যস্ত হোৱাৰ হাৰে ক্ৰমাগতভাৱে উন্নীত হৈছে আৰু আইন-শৃংখলা দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈছে । অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অসমে এনে এক মাইলৰ খুঁটি স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । 'কা' আন্দোলনৰ প্ৰত্যাহ্বানমূলক তথা অন্যান্য জটিল পৰিস্থিতিৰ সময়ত তেখেতৰ নেতৃত্বত অসমৰ সমাজ ব্যৱস্থাত এক গভীৰ প্ৰভাৱ পেলাইছিল ৷ আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ লোৱাৰ মুহূৰ্তত তেখেতৰ বাসগৃহত উপস্থিত হৈ ভৱিষ্যতৰ কৰ্মময় জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷"

লগতে পঢ়ক :মহানগৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক - CHAIN SNATCHING IN GUWAHATI

ABOUT THE AUTHOR

...view details