তেজপুৰ, ২৪ জুলাই: তেজপুৰ বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা হিন্দুধর্মৰ শাস্ত্ৰ আৰু বিভিন্ন দৰ্শনৰ বিষয়ে শিক্ষাগ্ৰহণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ বিষয়েও জ্ঞান আহৰণ কৰিব পাৰিব তেজপুৰ বিশ্ববিদ্যালয়ত ৷
তেজপুৰ বিশ্ববিদ্যালয়ত অচিৰেই আৰম্ভ হ'ব ধৰ্মীয় শিক্ষা গৱেষণা কেন্দ্ৰ (ETV Bharat Assam) হিন্দু দৰ্শন, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰসাৰৰ লক্ষ্যৰে "চেণ্টাৰ ফৰ হিন্দু ষ্টাডিজ" শীৰ্ষক ধৰ্মীয় শিক্ষা গৱেষণা কেন্দ্ৰ অচিৰেই মুকলি কৰিব তেজপুৰ বিশ্ববিদ্যালয়ে ৷ এই বিষয়ে ই টিভি ভাৰতৰ আগত বিতংভাৱে প্ৰকাশ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভুনাথ সিঙে ৷
লগতে পঢ়ক:তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ একাডেমিক কাউন্সিল আৰু ব’ৰ্ড অৱ মেনেজমেণ্টে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ মুকলি হ’বলগীয়া কেন্দ্ৰটোৱে গৱেষণা, হিন্দু ধৰ্ম আৰু ইয়াৰ বৈচিত্ৰপূৰ্ণ পৰম্পৰাৰ অন্বেষণ আগবঢ়াব ৷
এই পাঠ্যক্ৰমত শিক্ষা আৰম্ভ কৰিবলৈ লোৱা শিক্ষানুষ্ঠান হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰথম ৷ দেশৰ অন্য প্ৰান্তত তিনিখন বিশ্ববিদ্যালয়ত এই ধৰ্মীয় শিক্ষা ব্যৱস্থা সংলগ্ন কৰা হৈছে যদিও বৰ্তমানলৈকে আৰম্ভ হোৱা নাই পাঠদান ৷
ভাৰতৰ বহুতো শীৰ্ষ শিক্ষানুষ্ঠানে ইতিমধ্যে ইছলামিক অধ্যয়ন, বৌদ্ধ অধ্যয়ন আদিৰ বিষয়ত এনেধৰণৰ কাৰ্যসূচী আগবঢ়াইছে ৷ এই অধ্যয়নে হিন্দুধৰ্ম, পৰম্পৰা, ইতিহাস, সমসাময়িক বিষয় আৰু আধ্যাত্মিকতাৰ জ্ঞান প্ৰদান কৰিব বুলি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সিঙে মন্তব্য কৰে ৷
লগতে পঢ়ক:এই বাজেট প্ৰসংগত নেতিবাচক দিশত ক’বলগীয়া নাই : শম্ভুনাথ সিং - INDIA BUDGET 2024
ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC) লৈ এই সন্দৰ্ভত প্ৰেৰণ কৰা হৈছে পত্ৰ ৷ কেন্দ্ৰটো আৰম্ভ কৰাৰ বাবে পাঠ্যক্ৰমৰ ডিজাইনকে ধৰি বিশদ ৰূপৰেখা প্ৰস্তুত কৰিবলৈও বিশ্ববিদ্যালয়খনে এখন সমিতি গঠন কৰিছে ৷ ইয়াৰ উপৰিও ভাৰতীয় পৰম্পৰাৰ বহুবিষয়ত গৱেষণা কৰিবলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে চেণ্টাৰ ফৰ ইণ্ডিয়ান ন'লেজ চিষ্টেম ৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস
ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত উত্তৰ অসমৰ তেজপুৰত 1993 চনৰ 21 জানুৱাৰীত এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । বিশ্ববিদ্যালয়খনে বৰ্তমান 4 খনকৈ বিদ্যালয়ৰ অধীনত 28 টা বিভাগৰ জৰিয়তে 79 টাকৈ শৈক্ষিক কাৰ্যসূচী আগবঢ়াইছে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত শৈক্ষিক বিদ্যালয়সমূহ হৈছে- স্কুল অৱ চায়ন্সেছ, স্কুল অৱ ইঞ্জিনিয়াৰিং, স্কুল অৱ হিউমেনিটিজ এণ্ড ছ’চিয়েল চায়ন্সেছ আৰু স্কুল অৱ মেনেজমেণ্ট চায়ন্সেছ ।
বিশ্ববিদ্যালয়খনত প্যান ইণ্ডিয়াৰ 4700 ৰো অধিক ছাত্ৰ-ছাত্ৰী আছে । বিশ্ববিদ্যালয়খনত অধ্যয়নৰত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 13 গৰাকী ৷ মুকলি আৰু দূৰ শিক্ষাৰ অধীনত আগবঢ়োৱা শৈক্ষিক কাৰ্যসূচীৰ সংখ্য়া হৈছে 7 টা ৷
তদুপৰি বিশ্ববিদ্যালয়খনত আছে শিক্ষকৰ 312 টা অনুমোদিত পদ আৰু অনা শিক্ষকৰ পদ আছে 287 টা ৷ ছাত্ৰ-শিক্ষকৰ অনুপাত হৈছে 17:1 ৷ লগতে আছে 7 টাকৈ পুৰুষৰ আৱাসিক কেন্দ্ৰ আৰু মহিলাৰ বাবে এই সংখ্যা 9 টা ৷
লগতে পঢ়ক:তেজপুৰ বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস