নগাঁও, ১১ জুন:ব্ৰইলাৰ ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া ৰাজ্যৰ বহু ব্যৱসায়ী সম্প্ৰতি সন্মুখীন হৈছে নতুন বাধাৰ । ডিমা হাছাও জিলাত ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা গুণ্ডাকৰ আদায় দিয়া কাৰ্যক লৈ ক্ষুণ্ণ হৈছে ব্ৰইলাৰ ব্যৱসায়ী সন্থা । ডিমা-হাছাও জিলাত ব্ৰইলাৰ কঢ়িওৱা বাহন প্ৰৱেশ কৰিলেই দিব লাগে গুণ্ডাকৰ । গুণ্ডাকৰ আদায় দি অতিষ্ঠ হৈ পৰিছে মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থা ।
মঙলবাৰে নগাঁও চহৰত মধ্য অসম আৰু বৰাক ভেলীৰ ব্যৱসায়ী সন্থাৰ এক জৰুৰী সভা অনুষ্ঠিত হয় । গুণ্ডাকৰ আদায় দিয়া সন্দৰ্ভত জৰুৰী সভাৰ অন্তত এক সংবাদমেলত ব্ৰইলাৰ ব্যৱসায়ীয়ে গুণ্ডাকৰ আদায় দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ব্ৰইলাৰ ব্যৱসায়ী সন্থাই ।
এই সংবাদমেলত মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই উত্থাপন কৰা অভিযোগ অনুসৰি ডিমা-হাছাও জিলাৰ হাতীখুলিত ব্ৰইলাৰ কঢ়িওৱা বাহন ৰখাই মুকলিকৈ সংগ্ৰহ কৰা হয় গুণ্ডাকৰ । নগাঁৱৰ পৰা বৰাক উপত্য়কালৈ যোৱা প্ৰতিখন ব্ৰইলাৰ সৰবৰাহকাৰী বাহনৰ পৰা সংগ্ৰহ কৰা হয় প্ৰায় চল্লিছ হাজাৰকৈ টকা ।