বৰপেটা/কলিয়াবৰ, 24 মে’ : মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে নাম-প্ৰসংগৰ ৷ উলহ-মালহেৰে পালন কৰা হৈছে মহাপুৰুষজনাৰ 536 সংখ্যক আৱিৰ্ভাৱ তিথি ৷
নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ; কলিয়াবৰতো পালন মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ (Etv bharat assam) আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 536 সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা দ্বাৰকা মথুৰা সদৃশ বৰপেটা সত্ৰত শুকুৰবাৰৰ পুৱাৰে পৰা ভকতসকলে নিত্য নৈমিত্তিক নাম-প্ৰসংগত ভাগ লয় ৷
নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ (Etv bharat assam) মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে সত্ৰৰ চৌদিশে এতিয়া নাম-প্ৰসংগ, হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ পবিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই তেওঁৰ আশীষ প্ৰাৰ্থনাৰ উদ্দেশ্যে বহু ভক্ত সত্ৰত উপস্থিত হৈছে ৷ সত্ৰৰ প্ৰসংগৰ পিচতে ভাগৱত যাত্ৰা অনুষ্ঠিত হ’ব ৷
বৰপেটা সত্ৰৰ পৰা আৰম্ভ হোৱা ভাগৱত যাত্ৰা চহৰখনৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি পুনৰ বৰপেটা সত্ৰত সামৰণি পৰিব ৷ সন্ধিয়া বৰপেটা সত্ৰত এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব ৷ কাইলৈ বৰপেটা সত্ৰত প্ৰসাদ বিতৰণ আৰু আইসকলৰ নাম-প্ৰসংগৰে দুদিনীয়াকৈ আয়োজিত মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱৰ সামৰণি পৰিব ৷
নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ (Etv bharat assam) বৰপেটাৰ সমান্তৰালভাবে কলিয়াবৰতো গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে । অসম সত্ৰ মহাসভাৰ কলিয়াবৰ জিলা শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ লগতে কলিয়াবৰৰ সত্ৰ-নামঘৰত আৱিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে । দিনৰ ভাগত নাম-কীৰ্তন আৰু নিশালৈ ভাওনাৰ আয়োজন কৰিছে আয়োজকসকলে ।
লগতে পঢ়ক:হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য, আজি মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি - Madhabdev 536 Birth Anniversary