যোৰহাট, ২৭ জুলাই : যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেইষ্টত চি বি আইৰ এটা দলে অভিযান চলোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শুকুৰবাৰে দুপৰীয়াৰ পৰা দুপৰ নিশাপৰ্যন্ত চি বি আইৰ প্ৰায় ২০ জনীয়া এটা দলে নেইষ্টৰ প্ৰশাসনিক কাৰ্যালয়ত তালাচী চলোৱাৰ উপৰি বিজ্ঞানী, ক্ৰয় সমিতি বিষয়া, গাণনিকসহ ৭ গৰাকী বিষয়াক জেৰা চলায় ।
তদুপৰি নেইষ্টৰ চৌহদত থকা এজন পাৰ্ছেজ বিষয়াৰ আৱসত তালাচী চলাই নগদ ৭ লাখ টকাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰাৰ কথা এক বিশেষ সুত্ৰই জানিবলৈ দিছে ৷ উল্লেখ্য যে নেইষ্ট কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, দেশৰে এক আগশাৰী গৱেষণা প্ৰতিষ্ঠান । দেশৰ আগশাৰী গৱেষণা প্ৰতিষ্ঠানটোত চি বি আইৰ দৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী দলৰ প্ৰৱেশক এতিয়া সহজভাৱে ল’ব পৰা নাই যোৰহাটবাসীয়ে ।
কিন্তু কিয় প্ৰতিষ্ঠানটোত চি বি আয়ে অভিযান চলাবলগীয়া হ'ল ?
তদানীন্তন সঞ্চালক ড৹ নৰহৰি শাস্ত্ৰীৰ কাৰ্যকালতে নেইষ্টত সংঘটিত হৈছিল প্ৰায় ৭ কোটি টকাৰ এক বৃহৎ বিত্তীয় কেলেংকাৰী । নেইষ্টৰ সূত্ৰই সদৰী কৰা মতে এক গুৰুত্বপূৰ্ণ গৱেষণাত ব্যৱহাৰ কৰিবলৈ ক্ৰয় কৰা এটা অত্যাধুনিক যন্ত্ৰ ক্ৰয় কৰাৰ নামতে সংঘটিত হৈছিল এই কেলেংকাৰী । উল্লেখ্য যে ইয়াৰ পূৰ্বেও সঞ্চালক ড৹ নৰহৰি শাস্ত্ৰীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছিল ।