ধুবুৰী,২২ ফেব্ৰুৱাৰী :গো-সুৰক্ষা আইন বলবৎ হৈ থকাৰ পিছতো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে এচাম আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰীয়ে । ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উন্মুক্ত সীমান্তৰে একাংশ দুষ্ট চক্ৰই বাংলাদেশলৈ চোৰাংভাবে চালান দি আহিছে পশুধন । সীমান্ত সুৰক্ষা বাহিনীয়ে বিগত দিনত বহু পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে ।
তেনে সময়তে বুধবাৰে নিশা পুনৰ মানকাচৰ সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত তহল দি থকা অৱস্থাত চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে । ফলত নিহত হয় এটা গৰু সৰবৰাহকাৰী । নিহত সৰবৰাহকাৰীটো চৰ কুকুৰমাৰাৰ হেকমত আলীৰ পুত্ৰ শ্বাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে । নিশাৰ আন্ধাৰৰ সুযোগ লৈ গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু চালান দিয়া অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ে বাধা প্ৰদানত সৰবৰাহকাৰীয়ে সীমান্ত সুৰক্ষা বাহিনীক আক্ৰমণ কৰে ।