অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

কাৰাবন্দী বিশাল-চুমীৰ সমুখত আকৌ আহিছে এক বিপদ - Online trading fraud

Parcelia Pharmaceutical Pvt ltd: কাৰাগাৰত থকা অভিযুক্ত বিশাল ফুকন আৰু চুমী বৰাৰ সন্মুখত নতুন বিপদ ৷ এগৰাকী ব্যক্তিয়ে গোচৰ দাখিল কৰিছে বিশালহঁতৰ পাৰ্চেলিয়া ঔষধ কোম্পানীৰ বিৰুদ্ধে ৷ পুনৰ আৰক্ষীৰ জেৰাৰ মুখামুখি হ’ব লাগিব বিশাল-চুমী ৷

ONLINE TRADING FRAUD
বিশাল-চুমীৰ সন্মুখত নতুন বিপদ (ETV Bharat)

ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি শ শ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত কাৰাবন্দী হোৱা বিশাল ফুকন আৰু চুমী বৰালৈ আহিছে আন এক বিপদ । কাৰাগাৰৰ অতিথি হোৱা বিশাল চুমীক নিজৰ জিম্মাত ল'বলৈ প্ৰস্তুতি চলাইছে ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে । পুনৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হ’ব বিশাল-চুমী ৷

উল্লেখ্য যে অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হৈছে ২২ বছৰীয়া বিশাল ফুকনৰ লগতে চুমী বৰা, তেওঁৰ স্বামী তাৰ্কিক বৰা, তাৰ্কিকৰ ভাতৃ অম্লান বৰা ৷ তাৰোপৰি আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা আটক আৰু গ্ৰেপ্তাৰ কৰিছে এনে ট্ৰেডিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগত কেবাজনকো ।

ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰত গোচৰ ৰুজু কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Act ৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । যোৱা ৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বিশাল ফুকনক । কিন্তু‌ যোৱা ২০ ছেপ্টেম্বৰত পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিশালক ।

বিশাল ফুকনক ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ পুনৰ প্ৰেৰণ কৰিছিল আদালতে । আৰক্ষী জিম্মাৰ ম্য়াদ শেষ হোৱাত সোমবাৰে পুনৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় বিশাল ফুকনক । আনহাতে বিশালৰ মূল সহযোগী চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ লগতে তাৰ্কিকৰ ভাতৃ অম্লান বৰাও ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৷

কিয় বৰবৰুৱা আৰক্ষীয়ে বিশাল-চুমীক নিজৰ জিম্মাত বিচাৰিব ?

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বৰবৰুৱা আৰক্ষী থানাত বিশাল ফুকনৰ পাৰ্চেলিয়া নামৰ ঔষধ কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী ভুক্তভোগীয়ে । বৰবৰুৱা আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি প্ৰথমে বিশাল ফুকন আৰু প্ৰয়োজন হ'লে চুমী বৰাক নিজৰ জিম্মাত ল’বলৈ আদালতত আবেদন কৰিব । মঙলবাৰে এই সম্পৰ্কত ডিব্ৰুগড়ৰ আদালত শুনানি হ'ব বুলি জানিবলৈ দিছে বৰবৰুৱা আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে । তদন্তৰ খাতিৰত এজাহাৰ দিয়া ভুক্তভোগীৰ নাম উল্লেখ নকৰিলেও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ভুক্তভোগীয়ে পাৰ্চেলিয়া কোম্পানীত ধন বিনিয়োগ কৰিছিল ।

লগতে পঢ়ক:চুমী-তাৰ্কিক জেলত, বিশালক পুনৰ জিম্মাত ল’লে আৰক্ষীয়ে - Online trading scam

আজি মৰমৰ ভায়েকক সাক্ষাৎ কৰিব পাৰিবনে চুমীয়ে; কি হ’ব তাৰ্কিক-অম্লানৰ - ONLINE TRADING SCAM

ABOUT THE AUTHOR

...view details