শিলচৰ:দুলন দাসক নিশ্চয় মনত আছে আপোনাৰ ৷ হয়, নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰা প্ৰথমজন হিন্দু বাংলাদেশী দুলন দাসৰ কথাই কৈছো আমি ৷
দুলন দাসৰ পাছত এইবাৰ তেওঁক কনিষ্ঠ ভাতৃ সুবোধ দাসে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব ৷ তেওঁ হৈছে 'কা'ৰ জৰিয়তে অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দ্বিতীয়জন বাংলাদেশী নাগৰিক ৷
অধিবক্তা ধৰ্মানন্দ দেব (ETV Bharat Assam) সুবোধ দাস শিলচৰৰ দাস কলনীৰ বাসিন্দা ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ (Ministry of Home affairs) তৰফৰ পৰা বুধবাৰে তেওঁ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ লাভ কৰে ৷
ইফালে সুবোধ দাসৰ অধিবক্তা ধৰ্মানন্দ দেবে ই টিভি ভাৰতক কয়, "১৯৮৮ চনৰ পাঁচ জুনত বাংলাদেশৰ চিলেট জিলাৰ দাস উপাধিৰ লোকজন ভাৰতত প্ৰৱেশ কৰিছিল আৰু সেইসময়ৰ পৰা তেওঁ শিলচৰ চহৰত বসবাস কৰি আহিছিল । 'কা' বলবৎ হোৱাৰ পাছত লোকজনে ২০২৪ চনৰ ৬ ছেপ্টেম্বৰত ‘CAA 2019’ এপৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা লোকজনক জনোৱা হয় যে তেওঁৰ আবেদন গ্ৰহণ কৰা হৈছে আৰু তেওঁক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে ।"
অধিবক্তা দেবে লগতে কয়, "ইতিমধ্যে লোকজনে অনলাইন জৰিয়তে তেওঁৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰিছে । তেওঁ 'কা'ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা ৰাজ্যৰ প্ৰথমজন ব্যক্তি তথা শিলচৰৰ দুলন দাসৰ কনিষ্ঠ ভাতৃ ৷ নাগৰিকত্ব লাভৰ বাবে তেওঁ ১৯৮৬ চনৰ বাংলাদেশৰ ভূমিৰ নথিপত্ৰ দাখিল কৰিছিল ।" অধিবক্তা ধৰ্মানন্দ দেবে প্ৰকাশ কৰা মতে, 'কা'ৰ জৰিয়তে উত্তৰ-পূবত নাগৰিকত্ব লাভ কৰা তেওঁ দ্বিতীয়গৰাকী বাংলাদেশী নাগৰিক ৷
লগতে পঢ়ক:'কা'ৰ ফলাফল: অসমত থাকি 'ভাৰতীয়' হ'ল প্ৰথমজন বাংলাদেশী দুলন দাস - Citizenship under CAA in Assam