অসম

assam

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 9:22 PM IST

ETV Bharat / state

কিশোৰীক অশ্লীল ইংগিত ! বিতৰ্কত বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ দে' - BTR EM Arup Dey

Arup Dey screenshot controversy: বিতৰ্কত বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ দে' । কিশোৰীক অশ্লীল ইংগিত দিয়াৰ বিস্ফোৰক বিতৰ্কই বি টি আৰত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । মোবাইলে মোবাইলে বিয়পিছে অৰূপ কুমাৰ দে’ৰ এগৰাকী কিশোৰীৰ সৈতে মেচেজযোগে কৰা অশ্লীল বাৰ্তালাপ । পিচে এই বিষয়ক নস্যাৎ কৰে ই এম অৰূপ কুমাৰ দে’ই ।

BTR EM Arup Dey on his screenshot controversy in Kokrajhar
বিতৰ্কত BTRৰ কাৰ্যবাহী সদস্য অৰূপ দে' (ETV Bharat Assam)

কোকৰাঝাৰ,৩০ আগষ্ট: বি টি আৰৰ বিতৰ্কিত কাৰ্যবাহী সদস্য অৰূপ দে'ৰ বিৰুদ্ধে এগৰাকী কিশোৰীক অশ্লীল ইংগিত দিয়াৰ বিস্ফোৰক বিতৰ্কই বি টি আৰত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ ফোন নম্বৰ সংযুক্ত বিতৰ্কিত স্ক্ৰীণ শ্ব'ট । বি টি আৰত মোবাইলে -মোবাইলে বিয়পিছে ই এম অৰূপ কুমাৰ দে’ৰ এগৰাকী কিশোৰীৰ সৈতে মেচেজযোগে কৰা অশ্লীল বাৰ্তালাপ । একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে বি টি আৰত কম সময়তে জনপ্ৰিয়তা লাভ কৰা ই এম অৰূপ কুমাৰ দে’ৰ বুলি উল্লেখ কৰা এই স্ক্ৰীণ শ্ব'ট ।

বিতৰ্কত BTRৰ কাৰ্যবাহী সদস্য অৰূপ দে' (ETV Bharat Assam)

সমগ্ৰ ঘটনাই বি টি আৰত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে । এই স্ক্ৰীণ শ্ব'ট একেবাৰে মিছা বুলি নস্যাৎ কৰে ই এম অৰূপ কুমাৰ দে’ই । শুকুৰবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “মোৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিবলৈ দুষ্ট চক্ৰই এই ষড়যন্ত্ৰ কৰিছে । বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে । এনেধৰনৰ কাণ্ড এবছৰৰ আগতেও সংঘটিত হৈছিল । এক দুষ্ট চক্ৰই ফটো সম্পাদনা কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল ।”

অৰূপ কুমাৰ দে’ৰ দাবী,“আজিকালি 'Artificial Intelligence'(AI)ৰ দিন । সকলো সম্পাদনা কৰি অসম্ভৱটোকো সম্ভৱ কৰিব পাৰি । এয়া এক সম্পাদিত কাম ৷” পিচে এয়া সম্পাদিত নে প্ৰকৃত স্ক্ৰীণ শ্ব'ট সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব আৰক্ষীৰ তদন্তৰ ফলাফললৈ ।

লগতে পঢ়ক:বি টি আৰত ইউ পি পি এল-বিজেপিৰ সংঘাত তুংগত; সমালোচনা কৰি অপসাৰিত বিজেপিৰ ই এম - BTC Elections 2024

ডাঙৰ মাছ বিজেপিয়ে গ্ৰাস কৰাৰ শংকাত বড়ো জাতীয়তাবাদ : নতুন ৰাজনীতিৰ উকমুকনি - BTR politics

ABOUT THE AUTHOR

...view details