গুৱাহাটী :সীমা সুৰক্ষা বাহিনীয়ে (বি এছ এফ) কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আইৰ সহায়ত ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ ৰোধ কৰা আৰু অবৈধ প্ৰব্ৰজন বন্ধ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে । লগতে সীমান্তত অপৰাধ ৰোধ কৰাৰ বাবে বি এছ এফত মহিলা কনিষ্টবলৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডি আই জি হৰমিৎ সিঙে গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ।
তেওঁ কয়, "সীমান্তত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে অতি সাহসিকতাৰে বি এছ এফে কৰ্তব্য পালন কৰি আহিছে । বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে অপৰাধীৰ কৌশল সলনি হৈছে । সীমান্তত অপৰাধ ৰোধ কৰা আৰু অবৈধ প্ৰব্ৰজন বন্ধ কৰাৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক আধুনিক কৌশল, সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি বি এছ এফে নতুন প্ৰকল্প হিচাপে সীমান্তত কৃত্ৰিম বুদ্ধিমত্তা আৰু মহিলা কনিষ্টবল বৃদ্ধিৰ দুটা কাৰ্যপন্থা পৰিকল্পনা কৰিছে ।" বৰ্তমান এয়া প্ৰাৰম্ভিক পৰ্যায়ত আছে বুলি ডি আই জি হৰমিৎ সিঙে কয় ।
বি এছ এফৰ কি এই কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিকল্পনা
বি এছ এফৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জনাই যে সীমান্তত অপৰাধীক চিনাক্ত আৰু সীমান্তত অনুপ্ৰৱেশকাৰী চিনাক্ত কৰাৰ বাবে কিছুমান কেমেৰা স্থাপন কৰা হয় । লগতে এই কেমেৰাবোৰ পৰিচালনা কৰাৰ বাবে নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ (Control room) থাকে । এইবোৰ এ আই ভিত্তিক কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে । এ আই প্ৰযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত গুৱাহাটী আই আই টিৰ সহায় লোৱা হৈছে । এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি নতুন দিল্লীত থকা গৃহ মন্ত্ৰণালয়ক প্ৰেৰণ কৰা হৈছে ।
তেওঁ কয়, "এ আই প্ৰযুক্তিযুক্ত কেমেৰা, নিয়ন্ত্ৰণ কক্ষ আৰু আন ডিজিটেল ডিভাইচৰ সহায়ত সীমান্তত অপৰাধ ৰোধ আৰু অবৈধ প্ৰব্ৰজন নিয়ন্ত্ৰণ কৰিব পৰা যাব ।"
কিয় বৃদ্ধি কৰিব বি এছ এফৰ মহিলা কনিষ্টবল