নিউজ ডেস্ক, 5 মে’ :এগৰাকী অসমীয়াই বহিঃৰাজ্যত আত্মহত্যা কৰাৰ খবৰ লাভ কৰা গৈছে ৷ দৰং জিলাৰ এগৰাকী বি এছ এফ জোৱানে ৰাজস্থানত আত্মহত্যা কৰা বুলি দেওবাৰে জানিব পৰা যায় ৷ ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী জয়ছালমেৰত কৰ্মৰত জোৱানজন ঔ তলাৰ কমাৰপাৰাৰ মুকুন্দ ডেকা ৷
উল্লেখ্য যে জোৱানজনে আত্মহত্যা কৰা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে বি এছ এফ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তানোট আৰক্ষী থানাত খবৰ দিয়ে । ইয়াৰ পিচতে তানোট ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লোৱাৰ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ তদুপৰি ঘটা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ।
জানিব পৰা মতে ৰাজস্থানৰ জয়সলমেৰৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ নিলগৰ সীমান্ত সুৰক্ষা বাহিনীৰ বাবলিয়ানৱালা পোষ্টত নিযুক্ত ৫৭ বছৰীয়া জোৱান মুকুন্দ ডেকাই দেওবাৰে আত্মহত্যা কৰে । শেহতীয়াকৈ তেওঁ জয়ছালমেৰৰ বি এছ এফৰ বাবলিয়ানৱালা চকীত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল ।