লখিমপুৰ, 18 জুন :লখিমপুৰৰ ঢকুৱাখনা সাপতীয়াৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ এপষেক উকলি গ’ল । কিন্তু এই পৰ্যন্ত ৰাজ্য কঁপোৱা এই ঘটনাৰ ৰহস্য ভেদ হোৱা নাই । সুনীল গগৈৰ ঘৰৰ চৌহদতে থকা ধুবুৰীৰ জাহাংগীৰ হুছেইন নামৰ লোকজনো নিখোঁজ হৈ আছে । এই লৈ এতিয়া উদয় হৈছে নানা প্ৰশ্ন ।
ইয়াৰ পিচতে ক্ৰমাগতভাৱে সঘনাই পট পৰিৱৰ্তন ঘটিছে এই হত্যাকাণ্ডৰ । যোৱা এক জুনৰ নিশা সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো । এডৰা চোমনীৰ মাজত প্ৰায় 80 শতাংশ জ্বলি যোৱা এটা মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল ৷
তাৰ পিচতে নিশাৰ পৰা নিখোঁজ হৈ থকা সেই গাঁৱৰে বিজেপিৰ কৰ্মী তথা ঠিকাদাৰ সুনীল গগৈক হত্যা কৰা বুলি সকলো নিশ্চিত হৈছিল । আনকি মৃতদেহৰ কাষত সুনীলে পৰিধান কৰা বস্ত্রও পোৱা গৈছিল । সেয়ে আততায়ীয়ে সুনীলক হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰি মৃতদেহটো জ্বলাই দিয়া বুলি ধাৰণা কৰা হৈছিল ।
তাৰ পিচতে ৰাজ্যৰ আৰক্ষী বিভাগ উবুৰি খাই পৰিছিল এই ঘটনাৰ তদন্তত । তাৰ পিচতে সুনীল গগৈক হত্যা কৰা বুলি আৰক্ষীয়ে তদন্ত আগবঢ়াই লৈ গৈছিল । আনকি হত্যাকাৰীৰ সন্ধান দিওতালৈ আৰক্ষী বিভাগে পুৰস্কাৰ ঘোষণা কৰি জাননী জাৰি কৰিছিল ।
তাৰ পিচতেই সুনীলৰ ঘৰৰ চৌহদত এবছৰমান বাহৰ পাতি থাকি জল জীৱন মিছনৰ মিস্ত্রী হিচাপে কৰ্মৰত জাহাংগীৰ হুছেইনৰ প্ৰসংগও উত্থাপন হয় । কিয়নো এই ঘটনাৰ আগদিনাৰ পৰাই জাহাংগীৰো নিখোজ হৈ আছে । আনহাতে মৃতদেহৰ কাষত জাহাংগীৰৰ পেন্টৰ বেল্টৰ টুকুৰা উদ্ধাৰ হোৱা বুলি তদন্তকাৰী বিষয়াৰ অনুসন্ধানত প্ৰকাশ পাইছে ।