অসম

assam

ETV Bharat / state

প্ৰসংগ বনকৰ্মীৰ গুলীচালনা : নিহত ছমিৰৰ পত্নীৰ এজাহাৰত উন্মোচন ভয়ংকৰ তথ্য - Fisherman Shooting Case at Laokhowa

Laokhowa Fisherman Shooting Case update : লাওখোৱাকাণ্ডক লৈ পুনৰ এজাহাৰ বন বিভাগৰ বিৰুদ্ধে । এইবাৰ বনকৰ্মীৰ গুলীত নিহত ছমিৰ উদ্দিনৰ পত্নীৰ এজাহাৰ বন বিভাগৰ বিৰুদ্ধে । গুলীচালনা সন্দৰ্ভত এজাহাৰত উত্থাপন ভয়ংকৰ, বিস্ফোৰক অভিযোগ । কি কি বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে নিহত ছমিৰ উদ্দিনৰ পত্নীয়ে এজাহাৰত ?

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 3:06 PM IST

Laokhowa Fisherman Shooting Case update
নিহত ছমিৰৰ পত্নীৰ এজাহাৰত উন্মোচন ভয়ংকৰ তথ্য (ETV Bharat Assam)

নগাঁও, ৮ জুলাই : আজিও মাৰ যোৱা নাই লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাকাণ্ডৰ চাঞ্চল্য । লাওখোৱাৰ বনকৰ্মীৰ গুলীত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃৰ মৃত্যুৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত অব্যাহত থকাৰ মাজতে পুনৰ বন বিভাগৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ ।

নিহত ছমিৰৰ পত্নীৰ এজাহাৰত উন্মোচন ভয়ংকৰ তথ্য (ETV Bharat Assam)

লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাৰ ৰৌমাৰী বিলত মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত 21 জুনৰ নিশা টহলদাৰী বনকৰ্মীৰ দলে কৰা গুলীচালনাত নিহত হৈছিল ধিং বড়ি চাপৰি গাঁৱৰ দুই ভাতৃ ছমিৰ উদ্দিন আৰু আব্দুল জলিল । ঘটনাক লৈ সমগ্ৰ অঞ্চলতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ঘটনাৰ তদন্তৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰিও একাধিক সংগঠনে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে বনকৰ্মীৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ।

লগতে পঢ়ক :লাওখোৱা অভয়াৰণ্যৰ গুলীচালনা : দণ্ডাধীশৰ জেৰাৰ সন্মুখীন হ’ব ডি এফ অ'সহ বনকর্মী - Fisherman Shooting Case at Laokhowa

ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত অব্যাহত থকাৰ মাজতে দেওবাৰে বিয়লি জুৰীয়া আৰক্ষী থানাত বন বিভাগৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি স্থানীয় জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বনকৰ্মীৰ গুলীত নিহত ছমিৰ উদ্দিনৰ পত্নীয়ে ।

কি অভিযোগ নিহত ছমিৰৰ পত্নীৰ :

21 জুনৰ নিশা মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত বনকৰ্মীয়ে গুলীচালনা কৰা বুলি বন বিভাগে দাবী কৰিছে যদিও বনকৰ্মীৰ গুলীত নিহত ছমিৰ উদ্দিনৰ পত্নীয়ে দেওবাৰে বিয়লি বন বিভাগৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি জুৰীয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, 21 জুনৰ নিশা ঘৰৰ গোহালিৰ পৰা গৰু ওলাই যোৱাত গৰু বিচাৰি লাওখোৱা অভয়াৰণ্যৰ গাতে লাগি থকা মথাউৰিৰ দিশে যোৱাৰ সময়তেই বনকৰ্মীয়ে গুলীয়াই হত্যা কৰে দুই ভাতৃ ছমিৰ উদ্দিন আৰু আব্দুল জলিলক ।

লগতে পঢ়ক :নগাঁৱত আমছুৰ প্ৰতিবাদ, লাওখোৱা কাণ্ডত জড়িতক শাস্তিৰ দাবী - AAMSU PROTEST IN NAGAON

আনকি দুই ভাতৃৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ পাচত পুৱাহে পৰিয়ালৰ লোকক বন বিভাগৰ লোকে অৱগত কৰে বুলিও এজাহাৰত উল্লেখ কৰে মৃত ছমিৰ উদ্দিনৰ পত্নীয়ে ।

কাৰ কাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ :

লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাত দুই ভাতৃ নিহত হোৱা ঘটনাৰ সৈতে লাওখোৱা ৰেঞ্জাৰ, চৰাইহাগী বন শিবিৰৰ বনকৰ্মীৰ উপৰিও নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন কৰি নিহত ছমিৰ উদ্দিনৰ পত্নীয়ে এজাহাৰ দাখিল কৰে নিহত ছমিৰ উদ্দিনৰ পত্নীয়ে ।

লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনাৰ ন্যায় বিচাৰি এতিয়া নিহত ছমিৰ উদ্দিনৰ পত্নীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত যেন নতুন মোৰ লৈছে সমগ্ৰ ঘটনাই ।

লগতে পঢ়ক :ণ্ডাধীশৰ জেৰাত কি তথ্য দিলে লাওখোৱাৰ বন বিভাগে ? - Fisherman Shooting Case at Laokhowa

ABOUT THE AUTHOR

...view details