অসম

assam

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:46 PM IST

ETV Bharat / state

চৰাইদেউ -শিৱসাগৰ জিলাৰ সীমাকেন্দ্ৰিক বিবাদ: যোগেন মহনৰ পদত্যাগৰ দাবী ক্ষুব্ধ চৰাইদেউবাসীৰ - CHARAIDEO MAIDAM

District border dispute : ক্ষোভ বাঢ়িছে চৰাইদেউবাসীৰ । পদত্যাগৰ দাবী জনালে মন্ত্ৰী যোগেন মহনক । ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ বাবে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ । চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যস্থলীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত যাতে কোনো বাধা বিঘিনি নাহে তাৰ বাবে উপৰি পুৰুষক প্ৰাৰ্থনা চৰাইদেউ প্ৰেছ ক্লাবৰ ।

District border dispute
ক্ষোভ বাঢ়িছে চৰাইদেউবাসীৰ (ETV Bharat Assam)

মৰাণ, ২১ জুলাই: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা অব্যাহত ৰখা সময়তে জিলাৰ সীমাকেন্দ্ৰিক বিবাদে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে। ২০১৫ চনতে চৰাইদেউ জিলা ঘোষণা হোৱাৰ পাছতো আজিলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নকৰাত সূত্ৰপাত ঘটিছে সীমাকেন্দ্ৰিক বিবাদৰ। প্ৰশাসনিক দুৰ্বলতাৰ বাবেই আজিলৈকে দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে ।

ক্ষোভ বাঢ়িছে চৰাইদেউবাসীৰ (ETV Bharat Assam)

আনহাতে, আজিলৈকে সীমা নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামক শেহতীয়াকৈ শিৱসাগৰ জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে উঠিপৰি লাগিছে একাংশই । ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিষয়টোৰ নিশ্চিত মীমাংসা কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যকৰী নহ'ল আজি পৰ্যন্ত । ৰাজ্য চৰকাৰে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ কৰি ঐতিহাসিক চৰাইদেউ মৈদাম কোন জিলাত অন্তৰ্ভুক্ত হ'ব তাৰ সিদ্ধান্ত দিব নোৱাৰাত জাঙুৰ খাই উঠিছে চৰাইদেউ জিলাৰ দল-সংগঠন আৰু চৰাইদেউ জিলা সুৰক্ষা সমিতি ।

ক্ষোভ বাঢ়িছে চৰাইদেউবাসীৰ, পদত্যাগৰ দাবী জনালে মন্ত্ৰী যোগেন মহনক । চৰাইদেউ জিলা বন্ধ পালন কৰাৰ পাছতো কোনো সিদ্ধান্ত চৰকাৰে দিব নোৱাৰাত ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে দল-সংগঠনে । দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক,দল-সংগঠন তথা চৰাইদেউবাসী ৰাইজৰ সৈতে মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই ক্ষেত্ৰত গণতান্ত্ৰিক আন্দোলন কৰি থকাৰ লগতে মুখ্যমন্ত্ৰীক বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈও আহ্বান জনায় চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ বিষয়ববীয়াই ।

আনহাতে, আজি চৰাইদেউ মৈদাম চৌহদত থকা স্থায়ী চাও চিন ৰেন গৃহত চৰাইদেউ প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজে ফুৰা-তাৰাৰ চৰণত সেৱা জনাই ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত যাতে কোনো বাধা বিঘিনি নাহে তাৰ বাবে উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলন কৰি অধিৱেশনৰ সকলো যাতে কাম নিয়াৰিকৈ সম্পন্ন হয় তাৰে বাবে প্ৰাৰ্থনা জনায় ৷

লগতে পঢ়ক:ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ যুঁজ : 12 ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - CHARAIDEO MAIDAM

বৃহস্পতিবাৰে ১২ ঘন্টীয়া বন্ধ চৰাইদেউত : আয়ুক্তৰে আলোচনাত আশ্বস্ত নহ’ল জিলাবাসী - Charaideo Maidam

ABOUT THE AUTHOR

...view details